অৰ্থনীতি বিজ্ঞান
মুদ্ৰা আৰু বেংক ব্য়ৱস্থা
প্ৰথম অধ্য়ায়
১/ বিহিত মুদ্ৰা দুই প্ৰকাৰৰ সেই কেইটা কি কি ?
উত্তৰঃ সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা।
২/ বিনিময়যোগ্য় সামগ্ৰীৰ সংখ্য়া কম নে বেছি ?
উত্তৰঃ বিনিময়যোগ্য় সামগ্ৰীৰ সংখ্য়া বেছি।
৩/ ভাৰতবৰ্ষত কিমান চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল ?
উত্তৰঃ ১৭৭০ চনত।
৪/ মুদ্ৰা কি ?
উত্তৰঃ মুদ্ৰা হ’ল সা-সামগ্ৰীৰ মূল্য়ৰ ভাণ্ডাৰ।
৫/ বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ মুদ্ৰা দুই প্ৰকাৰৰ আৰু সেই কেইটা হল হিচাপ-নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা।
৬/ বিহিত মুদ্ৰা কাক বোলে ?
উত্তৰঃ যি মুদ্ৰাৰ গ্ৰহণযোগ্য়তা বিধিসন্মত সেই মুদ্ৰাক বিহিত মুদ্ৰা বোলে।
৭/ বিনিময় প্ৰথা কি ?
উত্তৰঃ সামগ্ৰীৰ বিপৰিতে সামগ্ৰীৰ প্ৰত্য়ক্ষ বিনিময়েই হল বিনিময় প্ৰথা।
৮/ কি কি সামগ্ৰী বেছি দিন সাঁচি ৰাখিব নোৱাৰি ?
উত্তৰঃ মাছ, গাখীৰ, কণী ইত্য়াদি।
৯/ আদেশী মুদ্ৰা কাক বোলে ?
উত্তৰঃ চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময়ৰ মাধ্য়ম হিচাপে গ্ৰহন কৰা হয় সেই মুদ্ৰাকে আকাশী মুদ্ৰা বোলে।
১০/ বেংক কি ?
উত্তৰঃ বেংক হল এবিধ বিত্তীয় অনুষ্ঠ, যি ঋণৰ ব্য়ৱসায় কৰে তাকে বেংক বোলে।
১১/ কিমান চনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল ?
উত্তৰঃ ১৯৩৫ চনত।
১২/ এই বেংক টোৰ নাম কি ?
উত্তৰঃ এই বেংক টোৰ নাম হল বেংক অব্ হিন্দুস্তান।
১৩/ কিমান চনত ৫টা আঞ্চলিক গ্ৰাম্য় বেংক স্থাপন কৰা হৈছিল ?
উত্তৰঃ ১৯৭৫ চনত ।
১৪/ কিমান চনত নাবাৰ্ড স্থাপন কৰা হৈছিল ?
উত্তৰঃ ১৯৮২ চনত।
১৫/ প্ৰতীক মুদ্ৰা কি ?
উত্তৰঃ যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য় বা খোদিত মূল্য় বা লিখিত মূল্য় ইয়াৰ অন্তৰ্নিহিত মূল্য় বা ধাতুগত মূল্য়তকৈ অধিক সেই মুদ্ৰাই হ’ব প্ৰতীক মুদ্ৰা।
১৬/ বৰ্তমান ভাৰতবৰ্ষত কেইটা আঞ্চলিক গ্ৰাম্য় বেংক কাৰ্যকৰী হৈ আছে ?
উত্তৰঃ ৫৭টা আঞ্চলিক গ্ৰাম্য় বেংক কাৰ্যকৰী হৈ আছে।
১৬/ কিমান চনত সংসদত ছিদবি আইন গৃহীত হৈছিল ?
উত্তৰঃ ১৯৮৯ চনত।
১৭/ ছিদবিৰ মূখ্য় কাৰ্যালয় কত অৱস্থিত ?
উত্তৰঃ ছিদবিৰ মূখ্য় কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত।
১৮/ কেন্দ্ৰীয় বেংক কি ?
উত্তৰঃ কেন্দ্ৰীয় বেংক হ’ল দেশ এখনৰ বেংক ব্য়ৱস্থাৰ মুৰব্বী বেংক।
১৯/ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক টোৰ নাম কি ?
উত্তৰঃ ছুইডানৰ ৰিক্স বেংক।
২০/ অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেংকৰ পূৰ্বপুৰুষ কোন ?
উত্তৰঃ অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেপাৰী, সোনাৰী আৰু ঋণ দিওতা মহাজনসকলেই হ’ল বেংকৰ পূৰ্বপুৰুষ।
২১/ অসমৰ প্ৰথমটো বেংকৰ নাম কি? এই বেংক কিমান চনত স্থাপিত হৈছিল ?
উত্তৰঃ অসমৰ প্ৰথমটো বেংকৰ নাম হল গুৱাহাটী বেংক। আৰু এই বেংক১৯২৬ চনত স্থাপিত হৈছিল।
২২/ ভাৰতীয় ঔদ্য়োগিক উন্নয়ন বেংক কিমান চনত স্থাপন কৰা হয় ?
উত্তৰঃ ১৯৬৪ চনত।
২৩/ ৰিক্স বেংক কিমান চনত স্থাপিত হৈছিল ?
উত্তৰঃ ১৬৫৬ চনত।
২৪/ বাণিজ্য়িক বেংক মানে কি ?
উত্তৰঃ যিবিলাক বেংকে কেনদ্ৰী বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্য়েক্ষ আৰু পৰোক্ষভাৱে সঞ্চয়, ঋণ, বেপাৰ-বাণিজ্য় আদি জড়িত কাৰ্য সম্পন্ন কৰে, তেনেবিলাক বেংকক সাধাৰণতে বাণিজ্য়িক বেংক বোলা হয়।
Type by-Subhas Nath