আহোম : ৰাজ্যৰপৰা সাম্ৰাজ্যলৈ
Chapter 4
১) চুখামফাৰ মৃত্যুৰ পিছত কোনে আহোম ৰাজসিংহাসনত আৰোহণ কৰিছিল ?
উত্তৰ ঃ চুখামফাৰ মৃত্যুৰ পিছত চুচেংফাই আহোম ৰাজসিংহাসনত আৰোহণ কৰিছিল।
২) কোনে এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ ঃ চুকাফাই এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
৩) নতুন ৰাজ্যখনৰ নাম কি আছিল ?
উত্তৰঃ নতুন ৰাজ্যখনৰ নাম আছিল আহোম ৰাজ্য ।
৪) ৰঘুনাৰায়ণৰ জ্যেষ্ঠ পুত্ৰ কোন ?
উত্তৰ ঃ ৰঘুনাৰায়ণৰ জ্যেষ্ঠ পুত্ৰ হ’ল পৰিক্ষীত নাৰায়ণ ।
৫) স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোম ৰাজ্যৰ কি আছিল ?
উত্তৰ ঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোম ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ শাসক আছিল।
৬) আহোম ৰাজ্যখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?z
উত্তৰ ঃ আহোম ৰাজ্যখন 1253 চনত প্ৰতিষ্ঠা কৰা হৈছিল।
৭) তহানিৰ ডফলা পাহাৰক বৰ্তমান কি বুলি কোৱা হয় ?
উত্তৰ ঃ তহানিৰ ডফলা পাহাৰক বৰ্তমান অৰুণাচল প্ৰদেশ বুলি কোৱা হয় ।
৮) কিমান খ্ৰি.ৰ যুদ্ধত কছাৰী সৈন্যক আহোম সেনাই পৰাজিত কৰে ?
উত্তৰঃ 1606 খ্ৰি.ৰ যুদ্ধত কছাৰী সৈন্যক আহোম সেনাই পৰাজিত কৰে ।
৯) কিমান চনটো অসমৰ ইতিহাসৰ এক উল্লেখনীয় সময় ?
উত্তৰ ঃ 1228 চনটো অসমৰ ইতিহাসৰ এক উল্লেখনীয় সময়।
১০) লাচিত বৰফুকনে কিমান চনৰ কি মাহত মোগলক খেদি গুৱাহাটী উদ্ধাৰ কৰি লয় ?
উত্তৰ ঃ লাচিত বৰফুকনে 1667 চনৰ অক্টোবৰ মাহত মোগলক খেদি গুৱাহাটী উদ্ধাৰ কৰি লয় ।
১১)স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত কোন আহোমৰ সিংহাসনত উঠে ?
উত্তৰ ঃ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত চুপুংমুং আহোমৰ সিংহাসনত উঠে।
১২) 1672 চনৰ এপ্ৰিল মাহত কোনজন আহোম সেনাপতিৰ মৃত্যু হৈছিল ?
উত্তৰ ঃ 1672 চনৰ এপ্ৰিল মাহত আহোম সেনাপতি লাচিত বৰফুকনৰ মৃত্যু হৈছিল।
১৩) পৰিক্ষীত নাৰায়ণৰ ক’ত মৃত্যু হৈছিল ?
উত্তৰ ঃ পৰিক্ষীত নাৰায়ণৰ গংগানদীৰ পাৰত বসন্ত ৰোগত মৃত্যু হৈছিল।
১৪) কোচবিহাৰৰ নতুন নামটো কি দিয়া হৈছিল ?
উত্তৰ ঃ কোচবিহাৰৰ নতুন নামটো আলমগীৰ নগৰ দিয়া হৈছিল।
১৫) ৰুদ্ৰসিংহৰ ক’ত মৃত্যু হৈছিল ?
উত্তৰ ঃ ৰুদ্ৰসিংহৰ উত্তৰ গুৱাহাটীত মৃত্যু হৈছিল।
Type by : Dimpi Bora
Post ID : DABP005781