ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম
Chapter 3
১) কাৰ নেতৃত্বত কলিকতাত ‘হিন্দু কলেজ’ প্ৰতিষ্ঠা কৰাত বিশেষ আগভাগ লৈছিল ।
উত্তৰ ঃ ডেভিদ হেয়াৰৰ নেতৃত্বত কলিকতাত ‘হিন্দু কলেজ’ প্ৰতিষ্ঠা কৰাত বিশেষ আগভাগ লৈছিল।
২)বিদ্ৰোহৰ আন এটা কাৰণ কি আছিল ?
উত্তৰঃ বিদ্ৰোহৰ আন এটা কাৰণ আছিল ধৰ্মীয় অসন্তুষ্টি।
৩) কিমান খ্ৰি.ত বৃটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষত প্ৰথম গণভিত্তিক সংগ্ৰাম আৰম্ভ হয় ?
উত্তৰ ঃ 1857 খ্ৰি.ত বৃটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষত প্ৰথম গণভিত্তিক সংগ্ৰাম আৰম্ভ হয়।
৪) 1857 খ্ৰি.ৰ বিদ্ৰোহৰ আন এটা প্ৰধান কাৰণ কি ?
উত্তৰ ঃ 1857 খ্ৰি.ৰ বিদ্ৰোহৰ আন এটা প্ৰধান কাৰণ আছিল সৈনিকসকলৰ মাজত দেখা দিয়া অসন্তুষ্টি ।
৫) ভাৰতবৰ্ষত বৃটিছ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা উদ্দেশ্যে কি আছিল ?
উত্তৰঃ ভাৰতবৰ্ষত বৃটিছ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা উদ্দেশ্যে আছিল ভাৰতবৰ্ষৰ ইংৰাজ গৱৰ্ণৰ জেনেৰেল লৰ্ড জেলহাউছিয়ে ‘স্বত্ববিলোপ নীতি’ গ্ৰহণ কৰিছিল ।
৬) কিমান খ্ৰি.ৰ কি মাহত বেৰেকপুৰত চিপাহীসকলে গুলী ব্যৱহাৰ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছিল ?
উত্তৰ ঃ 1857 খ্ৰি.ৰ মাৰ্চ মাহত বেৰেকপুৰত চিপাহীসকলে গুলী ব্যৱহাৰ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছিল ।
৭) কিমান খ্ৰি.ত তেওঁ ‘আত্মীয় সভা’ নামে এটা অনুষ্ঠান গঢ়ি তোলে ?
উত্তৰ ঃ 1815 খ্ৰি.ত তেওঁ ‘আত্মীয় সভা’ নামে এটা অনুষ্ঠান গঢ়ি তোলে ।
৮) ৰাজা ৰামমোহন ৰায়ে দ্বাৰকানাথ ঠাকুৰৰ সহযোগত কিমান খ্ৰি.ৰ কি তাৰিখে কলিকতা ব্ৰাহ্মসমাজ স্থাপন কৰে ?
উত্তৰ ঃ ৰাজা ৰামমোহন ৰায়ে দ্বাৰকানাথ ঠাকুৰৰ সহযোগত 1828 খ্ৰি.ৰ 20 আগষ্টত তাৰিখে কলিকতা ব্ৰাহ্মসমাজ স্থাপন কৰে।
৯) কিমান খ্ৰি.ত মাদ্ৰাজ আৰু বোম্বেত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হয় ?
উত্তৰ ঃ 1830 খ্ৰি.ত মাদ্ৰাজ আৰু বোম্বেত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হয়।
১০) কিমান খ্ৰি.ত ৰাজপুনাত সতীদাহ প্ৰথা নিষদ্ধি কৰা হয় ?
উত্তৰ ঃ 1846 খ্ৰি.ত ৰাজপুনাত সতীদাহ প্ৰথা নিষদ্ধি কৰা হয় ।
১১) কিমান খ্ৰি.ৰ বিদ্ৰোহে ভাৰতত জাতীয়তাবাদৰ সূচনা কৰে ?
উত্তৰ ঃ 1857 খ্ৰি.ৰ বিদ্ৰোহে ভাৰতত জাতীয়তাবাদৰ সূচনা কৰে।
১২) ভাৰতবৰ্ষত বৃটিছৰ সু-শাসন প্ৰতিষ্ঠা কৰিবলৈ কিমান খ্ৰি.ত ভাৰত পৰিষদ আইন ৰচনা কৰা হয় ?
উত্তৰ ঃ ভাৰতবৰ্ষত বৃটিছৰ সু-শাসন প্ৰতিষ্ঠা কৰিবলৈ 1858 খ্ৰি.ত ভাৰত পৰিষদ আইন ৰচনা কৰা হয়।
১৩)মঈল পাণ্ডেই কি আছিল ?
উত্তৰ ঃ মঈল পাণ্ডেই আছিল চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ ।
১৪) 1856-1860 খ্ৰি.ত মুঠ কিমান খন বিবাহ সম্পন্ন হয়?
উত্তৰ ঃ 1856-1860 খ্ৰি.ত মুঠ 25 খন বিবাহ সম্পন্ন হয়।
১৫) কিমান খ্ৰি.ত বৃটিছ ইষ্ট ইণ্ডিয়া ক’ম্পেনি বেহা-বেপাৰৰ উদ্দেশ্যে ভাৰতবৰ্ষলৈ আহিছিল ?
উত্তৰ ঃ 1600 খ্ৰি.ত বৃটিছ ইষ্ট ইণ্ডিয়া ক’ম্পেনি বেহা-বেপাৰৰ উদ্দেশ্যে ভাৰতবৰ্ষলৈ আহিছিল।
Type : Dimpi Bora
Post ID : DABP005780
.