মোগল প্ৰশাসন আৰু সমাজ
Chapter 1
১) ৰাজহ বিভাগৰ মুৰব্বীগৰাকীক কি বোলা হৈছিল ?
উত্তৰ ঃ ৰাজহ বিভাগৰ মুৰব্বীগৰাকীক উজীৰ বা দেৱান বোলা হৈছিল ।
২) মোগল প্ৰশাসন ব্যৱস্থাক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ?
উত্তৰ ঃ মোগল প্ৰশাসন ব্যৱস্থাক দুটা ভাগত ভগাব পাৰি সেয়া হল –কেন্দ্ৰী য় আৰু প্ৰাদেশিক প্ৰশাসন।
৩) মীৰ বকসী প্ৰধান দায়িত্ব কি আছিল ?
উত্তৰ ঃ মীৰ বকসী প্ৰধান দায়িত্ব আছিল সামৰিক বাহিনীৰ দৰমহা দিয়া ।
৪)পঞ্চায়তৰ প্ৰধানজনক কি বোলা হৈছিল ?
উত্তৰ ঃ পঞ্চায়তৰ প্ৰধানজনক লম্বাৰ্ডৰ বোলা হৈছিল।
৫) প্ৰদেশ এখনৰ মুৰব্বী শাসকজনক কি বোলা হৈছিল ?
উত্তৰ ঃ প্ৰদেশ এখনৰ মুৰব্বী শাসকজনক চুবেদাৰ বোলা হৈছিল।
৬) কিমান খ্ৰি.ত জেহিৰুদ্দিন মহম্মদ বাবৰে ভাৰতত মোগল সম্ৰাজ্য প্ৰতিষ্ঠা কৰে ?
উত্তৰঃ ১৫২৬ খ্ৰি.ত জেহিৰুদ্দিন মহম্মদ বাবৰে ভাৰতত মোগল সম্ৰাজ্য প্ৰতিষ্ঠা কৰে ।
৭) চৰকাৰৰ ৰাজহ বিষয়জনক কি বোলা হৈছিল ?
উত্তৰ ঃ চৰকাৰৰ ৰাজহ বিষয়জনক আমলগুজাৰ বোলা হৈছিল ।
৮) চৰকাৰৰ কোষাধ্যক্ষজনক কি বোলা হৈছিল ?
উত্তৰ ঃ চৰকাৰৰ কোষাধ্যক্ষজনক খাজনাদাৰ বোলা হৈছিল।
৯) প্ৰদেশ এখনৰ শাসনৰ মুৰব্বী কোন আছিল ?
উত্তৰ ঃ প্ৰদেশ এখনৰ শাসনৰ মুৰব্বী আছিল চুবেদাৰ।
১০) পৰগণাত ৰাজহ সংগ্ৰহ কোনে কৰিছিল?
উত্তৰ ঃ পৰগণাত ৰাজহ সংগ্ৰহ আমিলে কৰিছিল।
১১) জাবটী পদ্ধতি কাক বোলে ?
উত্তৰ ঃ এলাহবাদৰপৰা মাহোৰলৈকে আৰু গুজৰাট আৰু মালৱত প্ৰচলিত ৰাজহ ব্যৱস্থাটোক জাবটী ব্যৱস্থা বোলা হয় ।
১২) মনচবদাৰ শব্দৰ অৰ্থ কি ?
উত্তৰ ঃমনচবদাৰ শব্দৰ অৰ্থ হ’ল পদবীধাৰী।
১৩) মোগল যুগৰ অৰ্থনৈতিক ব্যৱস্থাৰ মেৰুদণ্ডকি আছিল ?
উত্তৰ ঃ মোগল যুগৰ অৰ্থনৈতিক ব্যৱস্থাৰ মেৰুদণ্ড আছিল কৃষি।
১৪) মনচবদাৰৰ মাজত কেইটা প্ৰধান শ্ৰেণীবিভাগ আছিল আৰু কি কি ?
উত্তৰঃ মনচবদাৰৰ মাজত দুটা প্ৰধান শ্ৰেণীবিভাগ আছিল আৰু সেই দুটা হ’ল – চৱাৰ আৰু জাত।
১৫)মোগল যুগৰ তিনিটা প্ৰধান শ্ৰেণী কি আছিল ?
উত্তৰ ঃ মোগল যুগৰ তিনিটা প্ৰধান শ্ৰেণী আছিল — (ক) সাধাৰণ বেপাৰীসকন, (খ) বেংকাৰ আৰু (গ) ঋণদাতা।
Type : Dimpi Bora
Post ID : DABP005778