পুৰণি অসমৰ সমাজ আৰু অৰ্থনীতি
পাঠ-৭
১। অতি চমুকৈ উত্তৰ দিয়া –
(ক) পুৰণি অসমৰ সমাজ ব্যৱস্থা কিহৰ ভেটিত প্ৰতিষ্ঠিত আছিল?
উত্তৰঃ পুৰণি অসমৰ সমাজ ব্যৱস্থা বৰ্ণাশ্ৰম ধৰ্মৰ ভেটিত প্ৰতিষ্ঠিত আছিল।
(খ) সমাজৰ আটাইতকৈ সৰু গোটটো কি আছিল?
উত্তৰঃ সমাজৰ আটাইতকৈ সৰু গোটটো আছিল পৰিয়াল।
(গ) বিবাহিতা নাৰীক কিয় সহধৰ্মিণী বোলা হৈছিল?
উত্তৰঃ বিবাহিতা নাৰীগৰাকী স্বামীৰ সহযোগী হৈ থকাৰ বাবে তেওঁক সহধৰ্মিণী বোলা হৈছিল।
(ঘ) অংগদ কি?
উত্তৰঃ অংগদ হৈছে অসমীয়া মহিলাই পৰিধান কৰা এবিধ অলংকাৰ।
(ঙ) অসমৰ জলবায়ু কিয় কৃষিৰ বাবে উপযোগী?
উত্তৰঃ অসমৰ জলবায়ু নাতিশীতোষ্ণ হোৱাৰ বাবে ই কৃষিৰ বাবে উপযোগী।
(চ) উত্তৰীয় কি?
উত্তৰঃ উত্তৰীয় হৈছে অসমীয়া সমাজৰ উচ্চ শ্ৰেণীৰ লোকে দেহৰ ওপৰৰ অংশত পৰিধান কৰা এবিধ পোছাক।
২। উত্তৰ দিয়া
(ক) অসমৰ আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে জানিবলৈ আমি কি কি সমলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব?
উত্তৰঃ অসমৰ আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে জানিবলৈ আমি পুৰণি সাহিত্য় যেনে- কালিকাপুৰাণ, যোগিনীতন্ত্ৰ তথা ভ্ৰমণকাৰীৰ টোকা আদি সমলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। ইয়াৰউপৰি ৰজা-মহাৰজাসকলৰদ্বাৰা খোদিত তামৰ ফলি, শিলৰ ফলি আদিৰ ওপৰতো নিৰ্ভৰ কৰিব লাগে।
(খ) প্ৰাচীন অসমত কেইপ্ৰকাৰৰ বিবাহ পদ্ধতিৰ প্ৰচলন আছিল? সেইবোৰৰ নামবোৰ লিখা।
উত্তৰঃ প্ৰাচীন অসমত ৮ প্ৰকাৰৰ বিবাহ পদ্ধতিৰ প্ৰচলন আছিল।
সেইবোৰ হৈছে – ব্ৰহ্ম, প্ৰজাপত্য়, দৈৱ, আৰ্শ, অসুৰ, গন্ধৰ্ব, ৰাক্ষস আৰু পৈশাচ।
(গ) চাৰিবিধ মাছ ধৰা সঁজুলিৰ নাম লিখা।
উত্তৰঃ চাৰিবিধ মাছ ধৰা সজুঁলিৰ নাম হৈছে – বৰশী, জাল, জাকৈ আৰু পল।
(ঘ) অসমীয়া মানুহে কি কি সূতাৰ আচ্ছাদন পৰিধান কৰিছিল?
উত্তৰঃ অসমীয়া মানুহে কপাহ, এৰী, পাট, মুগা আদিৰ আচ্ছাদন পৰিধান কৰিছিল।
(ঙ) প্ৰাচীন অসমৰ পশুপালনৰ বিষয়ে লিখা।
উত্তৰঃ অতীজৰে পৰা হিন্দুসকলে গাইগৰুক মাতৃৰূপে পূজা কৰি আহিছে। খেতি পথাৰত হাল বাবলৈ বলধ গৰুৰ প্ৰয়োজন হৈছিল। সেয়ে পুৰণি অসমত গো পালনক এটা উত্তম জীৱিকা হিচাপে গণ্য় কৰা হৈছিল। গৰুক বিনিময়ৰ আহিলা হিচাপেও ব্য়ৱহাৰ কৰা হৈছিল। হাতী পালনৰ কথাও পুৰণি পুথিত উল্লেখ কৰা আছে। হাতীক যুদ্ধক্ষেত্ৰত আৰু দূৰ ভ্ৰমণৰ বাবে ব্য়ৱহাৰ কৰা হৈছিল।
৩। চমু টোকা লিখা –
(ক) খাদ্যভ্যাসঃ প্ৰাচীন অসমৰ মানুহৰ প্ৰধান খাদ্য় আছিল ভাত। বিভিন্ন শাক-পাচলিৰ লগতে মাছ-মাংসও খাইছিল। অৱশ্য়ে শ্ৰেণীভেদে মাছ-মাংস খোৱাত কিছু সীমাবদ্ধতা আছিল। অসমীয়া মানুহে কলৰ খাৰ আৰু মাহৰ আঞ্জা খাইছিল। পুৰণি কামৰূপত উৎপাদিত আদা, জলকীয়া, কৰ্পূৰ, সৰিয়হ, পিপলি, জীৰা আদি বিভিন্ন মচলাৰ কথা ‘কালিকাপূৰাণ’ আৰু ‘কুমাৰ হৰণ’ পুথিত উল্লেখ আছে। পায়স অসমীয়া মানুহৰ প্ৰিয় খাদ্য়। তামোল-পাণ চোবোৱাটো অসমীয়া মানুহৰ আন এটা বিশেষ অভ্য়াস।
(খ) কৃষি আৰু কৃষি পদ্ধতিঃ অসমৰ অৰ্থনৈতিক সমাজখন কৃষিভিত্তিক আছিল। অসমত জলবায়ু নাতিশীতোষণ হোৱাৰ বাবে ই কৃষিৰ বাবে উপযোগী। অসমত প্ৰচুৰ পৰিমাণে ধান উৎপাদন হৈছিল। পুৰণি অসমৰ অৰ্থনৈতিক ভেটিটো সবল কৰাত ধানৰ যথেষ্ট অৱদান আছে। ইয়াৰ উপৰি কুঁহিয়াৰ, মাহ, কল, সৰিয়হ, তেজপাত, মৰাপাট, কপাহ, কঁঠাল, নাৰিকল, বিভিন্ন প্ৰকাৰৰ শাক-পাচলিআদিৰ খেতি কৰিছিল। আদিতে অসমত ঝুম খেতিৰ প্ৰচলন আছিল। হাবি-বন কাটি জুই লগাই দি প্ৰথমে ঠাইখণ্ড পৰিষ্কাৰ কৰি লৈ তাত গাঁত খান্দি শস্য়ৰ বীজ ৰোপন কৰিছিল। খেতিৰ প্ৰধান সজুঁলি আছিল কোৰ আৰু নাঙল। ঝুম খেতিৰ পদ্ধতি বৰ্তমানেও অসমৰ পাহাৰীয়া অঞ্চলৰ জনজাতিসকলৰ মাজত প্ৰচলিত।
(গ) অলংকাৰ আৰু সাজ-পোছাকঃ অতীতৰ পৰাই অসমীয়া মহিলাই সোণ, ৰূপ আৰু আন ধাতুৰ অলংকাৰ পৰিধান কৰিছিল। ডিঙিত গলপতা, বাহুৰ ওপৰৰ অংশত অংগদ, হাতত খাৰু, কাণত কুণ্ডল পৰিধান কৰিছিল।
মহিলাসকলে দেহৰ ওপৰৰ অংশত পৰিধান কৰিছিল ৰিহা, চাদৰ আৰু কঁকালৰ তললৈকে পিন্ধিছিল মেখেলা। বৰ্তমানৰ ধূতিক পৰিধান বোলা হৈছিল। ওপৰত পিন্ধা চোলাটোক কামিজ বোলা হৈছিল। উচ্চ শ্ৰেণীৰ লোকে দেহৰ ওপৰৰ অংশত কাৰুকাৰ্য কৰা উত্তৰীয় পৰিধান কৰিছিল আৰু মূৰত পাগুৰি মাৰিছিল।
(ঘ) বাণিজ্যঃ অতীজতে অসমে বাণিজ্য় ক্ষেত্ৰত প্ৰসাৰতা লাভ কৰিছিল। ব্য়ৱসায় বাণিজ্য়ৰ বাবে বণিক শ্ৰেণীটোৱে জলপথকে উৎকৃষ্ট বুলি বিবেচনা কৰিছিল। চীন, শ্ৰীলংকা, মগধ আৰু বংগদেশৰ সৈতে প্ৰাচীন অসমৰ নিয়মীয়া লেনদেন চলিছিল। বিভিন্ন ধৰণৰ ধাতুৰ অলংকাৰ, মণি-মুকুতা, মচলা, কাপোৰ, প্ৰসাধন সামগ্ৰীৰ ব্য়ৱসায় অসমে আন দেশৰ সৈতে কৰিছিল। জনজাতীয় লোকসকলে মেঠোন, শৰ, ষাঠি আদি বিনিময় কৰি নিজৰ প্ৰয়োজন পূৰ কৰিছিল। প্ৰাচীন ব্য়ৱসায়-বাণিজ্য় বিনিময় প্ৰথাৰেই চলিছিল।
Post ID:DABP002286