প্ৰশ্নাৱলীঃ
১। ‘পছোৱাৰ ডাক’ কবিতাটিত কবিগৰাকীয়ে পছোৱাৰ বৈশিষ্ট্য কেনেধৰণে ব্যক্ত কৰিছে লিখা।
উত্তৰঃ পছোৱা হৈছে পশ্চিম দিশৰ পৰা বেগেৰে অহা এটা বতাহ। এই বতাহজাকে যুৱশক্তিক জাগি উঠিবলৈ আহ্বান জনাইছে। পছোৱাৰ ডাক শুনি কবিয়ে যুৱশক্তিক জাগি উঠিবলৈ বা জগাই তুলিব বিছাৰিছে।পছোৱাক হিমস্ৰক ঈগলৰ সংগীও বুলিছে আৰু আনফালে আন্ধাৰ আতৰাই আকাশ মুকলি কৰাৰ কথাও কৈছে। পছোৱাৰ বাবে জগতখন ৰসেৰে ভৰপূৰ হৈ আছে। পছোৱাৰ বতাহেৰে তেওঁ বৃটিছ সাম্ৰাজ্যবাদী শক্তিকহে বুজাইছে নিছিনা লাগে কিন্তু তেওঁ কবিয়ে তেওঁ তাৰো প্ৰতিকাৰ আছে বুলি কৈছে।
কবিয়ে জানে যে সাগৰত উতপত্তি হোৱা বিষ নীলকণ্ঠ শিৱই পান কৰিব লাগিব।পছোৱাৰ মাজেৰে এই ডাকেই শুনা গৈছে যে এনোকোৱা কোনো শক্তি নাই যি এই শক্তিৰ গতিক ৰোধ কৰিব পাৰিব। কবিয়ে কৈছে যে দুৰ্যোগে তাণ্ডৱ কৰিলেও এই শক্তিৰ পথ ৰোধ কৰিব নোৱাৰে। কবিৰ মূল বক্তব্য ইমানেই যে যৌৱনৰ উদ্দাম শক্তিৰে আমি এই ঠিক সময়ত জাগি উঠিব পাৰিলে নিশ্চিত ভাৱেই আমাৰ সমুখত সুদিন উপস্থিত হব।
২। পছোৱাৰ আগমনত পৰিবৰ্তন ঘটা প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা দাঙি ধৰা।
উত্তৰঃ কবিতাটিত প্ৰকৃতিয়ে ঘটোৱা কোনো পৰিৱৰ্তনৰ কথা উল্লেখ নাই বা বৰ্ণনা নাই। তথাপি পাত বা পাহি উৰুৱাই দুৰ্বাৰ গতিত পছোৱা অহাৰ কথা কবিতাটিত কবিয়ে উল্লেখ কৰিছে।
সাধাৰণতে পছোৱাই গছবোৰৰ পাতবোৰ সৰাই গছবোৰ লথঙা কৰে। বিভিন্ন ধৰণৰ গছফুল বা বীজৰ ৰেণু বোৰক উৰুৱাই নিয়ে আৰু সিহঁতক গজাত সহাস কৰে। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ পাতবোৰ উৰুৱাই নিয়ে। খাল-বিলৰ পানীবোৰো অস্থিৰ কৰে।
৩। প্ৰসঙ্গ-সঙ্গতি দৰ্শাই ব্যাখ্যা কৰাঃ
(ক) লাগে এটি শক্তি মন্ত্ৰময়
কেন্দ্ৰীভূত প্ৰাণৰ পৰশ,
সন্মোহন লীলাময় আনন্দ উজান
ইঙ্গিত সৰস।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলনত সান্নিবিষ্ট প্ৰসন্নলাল চৌধৰীদেৱৰ ‘পছোৱাৰ ডাক’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
এয়াই উপযুক্ত সময়। সময়ৰ আহ্বান গ্ৰহণ কৰি আগুৱাই যাব লাগে। সেইটো প্ৰসংগতে কবিয়ে কৈছে জাগৰণৰ বাবে এক মন্ত্ৰময় শক্তি লাগিব । প্ৰাণতৰক পণ লাগিব যি প্ৰেৰণা দিব ।
অৰ্থাত বিশৃংখল হলে নহব। সকলো একলগ হব লাগিব আৰু চৌপাশে সন্মিলিত হৈ আগুৱাই যাব লাগিব। তেতিয়াহে আমি সাৰ্থক হম। মানুহে বিকাশৰ মুখ দেখিব আৰু উঁঠৰ আগত প্ৰিয়তমা ফুলি উঠিব।