প্ৰশ্নাৱলীঃ
১। ‘ভাবৰ যি ঘাত-প্ৰতিঘাতৰ কথা কোৱা হৈছে, তাৰ প্ৰথম জিলিঙনি সকলো ঠাইত ছাত্ৰ সমাজেই আগেয়ে পায়।’- কৃষ্ণকান্ত সন্দিকৈৰ প্ৰবন্ধটিৰ আলমত উক্ত মন্তব্যৰ বিশ্লেষণ কৰা।
উত্তৰঃ যিকোনো ভাবৰ ঘাত- প্ৰতিঘাটৰ প্ৰথম জিলিকনি যে সকলো ঠাইৰ ছাত্ৰ সমাজেই আগেয়ে পায় আৰু ছাত্ৰ সমাজৰ ওপৰত সি যি প্ৰভাৱ বিস্তাৰ কৰে তাৰ ওপৰত প্ৰকৃতিয়ে এনেক পৰিমাণে নিৰ্ভৰ কৰে। উদাহৰণস্বৰুপে ঊনবিংশ শতিকাৰ প্ৰথম ভাগৰ ৰুছ দেশত সোমাবৰ বেছি দিন হোৱা নাছিল। জাৰ্মান দাৰ্শনিক হেগেলৰ জাতি আৰু ৰাষ্ট্ৰ সম্পৰ্কীয় মতবিলাক যে অতি আগ্ৰহ আৰু উৎসাহেৰে ছাত্ৰসকলৰ মাজত আলোচনা কৰিছিল তাক বিখ্যাত লেখক টুৰ্গেনিভে তেওঁৰ লেখনিত বৰ্ণনা কৰি গৈছে।
ছাত্ৰসকলৰ এনে প্ৰৱল উৎসাহৰ ফলস্বৰুপে পাশ্চাত্য সভ্যতা আৰু ৰুছ দেশৰ নিজৰ পৰম্পৰাগত শ্লাগ সভ্যতাৰ গুণাগুণ লৈ নানান আলোচনা আৰি বাদ প্ৰতিবাদ আৰম্ভ কৰিছিল। এই আন্দোলনৰ ফলত পাশ্চাত্য সভ্যতাৰ সংঘৰ্ষত ৰুছ ছাত্ৰ আৰু শিক্ষিত ডেকাসকলৰ মাজত ভাবৰ ঢৌ উঠিছিল আৰু সহজে তাক বুজিব পাৰি। এনেবোৰ উদাহৰণেৰে সন্দিকৈদেৱে ছাত্ৰসকলৰ মাজত কিদৰে সকলো ভাৱ প্ৰথমেই উদয় হয় আৰু তেওঁলোকৰ সক্ৰিয় আৰু অগ্ৰণী সহযোগীতাই কিদৰে জাতীয় ভাৱক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাক বহলাই বৰ্ণনা কৰিছে।
২। ‘আদৰ্শই নতুন নতুন ভাব আৰু অনুভূতিৰ সোঁত বোৱাই আহুকাল, অসন্তোষ আৰু আনকি বিপ্লৱ সৃষ্টি কৰে কিন্তু ইয়াতে প্ৰাণৰ স্পন্দন আৰু জাতীয় জীৱনৰ হেন্দোলনি আৰম্ভ হয়।’- কৃষ্ণকান্ত সন্দিকৈৰ ‘ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা’ প্ৰবন্ধৰ আলমত উক্ত মন্তব্যৰ সত্যতা বিচাৰ কৰা।
উত্তৰঃ ব্যক্তিগত লাভালাভৰ ওপৰত এটা জাতীয় মৰ্যাদা আৰু আত্মসন্মান আছে, উপাধিতকৈও ওপৰত এটা চৰিত্ৰৰ গৌৰৱ আৰু জ্ঞানৰ গৌৰৱ আহে। খোৱা পিন্ধাৰ ওপৰিও কিছুমান চিৰন্তন সত্য আছে, এইবিলাক অনুশীলন কৰাটো ছাত্ৰ জীৱনৰ লক্ষ্য হোৱা উচিত। এইটো ঠিক হোৱা উচিত যে যিকোনো আদৰ্শকে প্ৰথমতে কোনো গ্ৰহণ নকৰে, কাৰণ এটা আদৰ্শই মানুহৰ মনত ভাবৰ সলনি কৰি নতুন ভাৱৰ সোঁত বোৱায়। তেতিয়াই মানুহৰ মনত আহুকালৰ সৃষ্টি হয়। ইয়াৰ ফলত আন্দোলনৰ সৃষ্টি হয়। ই কিছুমানৰ মনত অসন্তুষ্টিৰ সৃষ্টি কৰে আৰু কিছুমানক আনন্দ দিয়ে। এই ব্যক্তিগত লাভালাভ, আহুকাল, বেমেজালি, সন্তোষ-অসন্তোষ, বিপ্লৱে আদিয়ে জাতীয়,সামাজিক জীৱনত বহুত প্ৰভাৱ বিস্তাৰ কৰে, প্ৰাণৰ স্পন্দন তোলে, জাতীয় জাগৰণৰ হেন্দোলনি আৰম্ভ হয়।
৩। ইউৰোপীয় আৰু ভাৰতীয় শিক্ষাৰ পাৰ্থক্যসমূহ কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়াৰ প্ৰবন্ধৰ আলমত বিশ্লেষণ কৰা।
উত্তৰঃ ভাৰতীয় শিক্ষা আৰু ইউৰোপীয় শিক্ষাৰ মাজৰ পাৰ্থক্যটো হৈছে স্কুলীয়া শিক্ষা। ইউৰোপৰ স্কুলবিলাকত আমাৰ বি এ তকৈ ওখ ধৰণৰ শিক্ষা দিয়া হয় উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়লৈ নগলেও হয়। ইতিহাসত সৰ্ব্বোচ্চ ডিগ্ৰী পৰীক্ষাৰ কাৰণে পঢ়া কিতাপ স্কুলীয়া লৰাই পঢ়িব লাগে। ইউৰোপীয়া ছাত্ৰই আমাতকৈ বেছি সুবিধা পায়। কিন্তু ইউৰোপীয়া স্কুলীয়া শিক্ষাৰ মূলমন্ত্ৰটোৱে বেলেগ। আমাৰ কলেজবিলাকৰ পৰা দুটা, এটা শ্ৰেণী নি স্কুলত জাপি দিলেই আমি তেনে শিক্ষা পাম।
ইউৰোপীয় স্কুলীয়া শিক্ষা উন্নত হলেও যিবিলাক বিশ্ববিদ্যালয়লৈ যাব নোৱাৰে তেওঁবিলাকৰ কাৰণে বিশ্ববিদ্যালয়ে এটা নতুন ধৰণৰ শিক্ষাৰ দিহা কৰিছে- যিটো ভাৰতীয় শিক্ষা ব্যৱস্থাত নাই।
৪। ব্যাখা কৰাঃ
(ক) তেজী সবল মন আৰু নিৰ্জীৱ মনৰ পাৰ্থক্য ইয়াতে।
উত্তৰঃ উক্ত কথাফাকি কৃষ্ণকান্ত সন্দিকৈৰ ৰছিত ‘ছাত্ৰৰ কৰ্তব্য’ নামৰ পাঠটিত অন্তৰ্গত। পাশ্চাত্য দেশৰ ছাত্ৰ আৰু ভাৰতীয় ছাত্ৰৰ কথা কওঁতে এনেদৰে উল্লেখ কৰিছে।
(খ) চৰিত্ৰৰ বলৰ লগত শাৰীৰিক বলৰ সম্পৰ্ক আছে।
উত্তৰঃ
(গ) ওখ খাপৰ গৱেষণা সকলো দেশতে তাকৰীয়া মানুহৰ কাম।
উত্তৰঃ
(ঘ) ৰাণী এলিজাবেথৰ জীৱনীতকৈ মুচলিনী বা গেৰিল্ডিৰ জীৱনী নিশ্চয় বেছি উপকাৰী।
উত্তৰঃ
(ঙ) আমাৰ সমাজৰ বৰ্তমান গঠন আধুনিক ৰাষ্ট্ৰৰ উপযোগী নহয়।
উত্তৰঃ