অধ্য়ায়-4
মানৰ অসম আক্ৰমণ
১/ মানসকলে অসমত কেইবাৰ আক্ৰমণ কৰিছিল আৰু কেতিয়া কেতিয়া?
উত্তৰঃ মানসকলে অসমত তিনিবাৰ আক্ৰমণ কৰিছিল। ১৮১৭, ১৮১৯, ১৮২১ চনত।
২/ গোৰীনাথ সিংহৰ মৃত্য়ু কিমান চনত হৈছিল?
উত্তৰঃ ১৭৯৫ চনত মৃত্য়ু হৈছিল।
৩/ উজনীৰ বেংমৰা বৰ্তমান কোন অঞ্চলত আছে?
উত্তৰঃ উজনীৰ বেংমৰা বৰ্তমান তিনিচুকীয়া অঞ্চলত আছে।
৪/ মোৱামৰীয়াসকলে আহোমক আক্ৰমণ কৰোতে সহায় কৰা জাতি দুটা কি কি?
উত্তৰঃ মোৱামৰীয়াসকলে আহোমক আক্ৰমণ কৰোতে সহায় কৰা জাতি দুটা – চিংফৌ আৰু মানসকল।
৫/ চিংফৌ নেতা বিচানাঙলৈ এজনী গাভৰু উপহাৰ হিচাপে কোনে পঠিয়াইছিল?
উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে।
৬/ পূৰ্ণানন্দ বুঢ়াগোঁহাইয়ে পঠিওৱা গাভৰু গৰাকীৰ নাম কি আছিল?
উত্তৰঃ ৰঙ্গিলী।
৭/ বিচানাঙে ৰঙ্গিনী আইদেউক কাক উপহাৰ দিলে?
উত্তৰঃ মান ৰজা বদৌপায়াক উপহাৰ দিলে।
৮/ পূৰ্ণানন্দউ বদনচন্দ্ৰৰ ঠাইত কাক বৰফুকন পাতিলে?
উত্তৰঃ কলীয়াভোমোৰা।
৯/ কলীয়াভোমোৰা সেতু নিৰ্মাণ কৰাৰ সপোন কাৰ আছিল?
উত্তৰঃ কলীয়াভোমোৰা বৰফুকনৰ।
১০/ কমলেশ্বৰ সিংহৰ দিনত গঢ়ি উঠা বিদ্ৰোহৰ নেতৃত্ব কৰা মানুহজনৰ নাম কি?
উত্তৰঃ পানীমুৱা।
১১/ সৎৰামক কি খিতাপ দিয়া হৈছিল?
উত্তৰঃ চাৰিঙিয়া ফুকন খিতাপ দিয়া হৈছিল।
১২/ কমলেশ্বৰ সিংহৰ মৃত্য়ু কিমান চনত হৈছিল?
উত্তৰঃ ১৮১০ চনত মৃত্য়ু হৈছিল।
১৩/ পূৰ্ণানন্দ বৰগোঁহাইৰ পুতেকৰ নাম কি আছিল?
উত্তৰঃ ওৰেষনাথ
১৪/ বদনচন্দ্ৰ বৰফুকনৰ জীয়ৰীৰ নাম কি আছিল?
উত্তৰঃ পিজৌ গাভৰু।
১৫/ কোনজন ৰজাৰ দিনৰ পৰা মানসকলে ৰাজ্য় সম্প্ৰসাৰণৰ গুৰুত্ব বেছিকৈ দিছিল?
উত্তৰঃ মান ৰজা আল সায়াৰ দিনৰ পৰা।
১৬/ মান ৰজা বদৌপায়াৰ আমোলত কোনখন ৰাজ্য় জয় কৰিছিল?
উত্তৰঃ আৰাকান
১৭/ কৰ পৰা কলৈ বঙ্গোপসাগৰীয় উপকূল ৰেখা আছে?
উত্তৰঃ মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ।
১৮/ বদনৰ লগত অহা মান লিপিকাৰ দুজনে লিখা টোকা দুটাৰ নাম কি?
উত্তৰঃ বৈশালী হুকং আৰু বৈশালী মুং ডুন-চুন-খাম।
১৯/ বদন বৰফুকনক কোনে হত্য়া কৰিছিল?
উত্তৰঃ ৰূপসিং নামৰ এজন চুবেদাৰে হত্য়া কৰিছিল।
২০/ অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোনখন ৰণক কোৱা হয়?
উত্তৰঃ মঁহগড়ৰ ৰণেই।
২১/ ইংৰাজ সেনাই কিমান চনত গুৱাহাটী অধিকাৰ কৰিছিল?
উত্তৰঃ ইংৰাজ সেনাই ১৮২৪ খ্ৰীষ্টাব্দত ২৮ মাৰ্চত।
২২/ কিমান চনত য়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?
উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত।
২৩/ য়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদ কাৰ সম্পৰ্কে আছিল?
উত্তৰঃয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদ অসম সম্পৰ্কে আছিল ।
২৪/ য়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত কি আছিল?
উত্তৰঃ ১/ আৰাকান আৰু তেনাছেৰিম প্ৰদেশ ব্ৰিটিছৰ হাতলৈ যাব।
২/ মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত লয়।