দ্বিতীয় অধ্য়ায়
ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
Short Question Answer:
১। আনন্দ মঠ উপন্য়াসৰ ৰচয়িতা কোন ?
উত্তৰঃ বঙ্কিমচন্দ্ৰ চট্টোপাধ্য়ায় ।
২। স্য়াৰে জাহাছে আচ্ছা গীতটিৰ ৰচয়িতা কোন ?
উত্তৰঃ মহম্মদ ইকবাল ।
৩। কিমান খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাঙ্ক ৰোড নিৰ্মাণ কৰিছিল ?
উত্তৰঃ ১৮৩৯ খ্ৰীষ্টাব্দত ।
৪। কিমান খ্ৰীষ্টাব্দত ভাপ কলেৰে ৰেল যোগাযোগ আৰম্ভ কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল ?
উত্তৰঃ ১৮৩২ খ্ৰীষ্টাব্দত ।
৫। ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়ত ব্য়ৱস্থাৰ কেতিয়া সূচনা হয় ?
উত্তৰঃ ১৮৫৩ খ্ৰীষ্টাব্দত ।
৬। ভাৰতবৰ্ষত প্ৰথম কৰ পৰা ক’লৈ ৰেল চলাচল হয় ?
উত্তৰঃ বোম্বাই আৰু থানেৰ মাজত ।
৭। কিমান খ্ৰীষ্টাব্দত মাদ্ৰাজত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ?
উত্তৰঃ ১৮৫৪ খ্ৰীষ্টাব্দত ।
৮। কিমান খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগ আৰম্ভ হয় ?
উত্তৰঃ ১৮৮৩ খ্ৰীষ্টাব্দত ।
৯। কেতিয়া প্ৰথম তেলিগ্ৰাফ ব্য়ৱস্থাৰ প্ৰৱৰ্তন হয় ?
উত্তৰঃ ১৮৩৯ খ্ৰীষ্টাব্দত ।
১০। টেলিগ্ৰাফ ব্য়ৱস্থাটো কোনে চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল ?
উত্তৰঃ লৰ্ড ডেলহাউচিয়ে ।
১১। প্ৰথমটো ছপাখানা ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল ?
উত্তৰঃ শ্ৰীৰামপুৰত আৰু ১৭৯৭ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল ।
১২। আত্মীয় সভা নামৰ অনুষ্ঠান কেতিয়া স্থাপন কৰিছিল ?
উত্তৰঃ ১৮১৫ খ্ৰীষ্টাব্দত ।
১৩। ব্ৰাক্ষ্ম সভা নামৰ অনুষ্ঠানটো কেতিয়া স্থাপন কৰিছিল ?
উত্তৰঃ ১৮২৮ খ্ৰীষ্টাব্দত ।
১৪। হিন্দু কলেজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰঃ ১৮১৭ খ্ৰীষ্টাব্দত ।
১৫। কোন খন কলেজ পিছলৈ প্ৰেছিডেন্সি কলেজ নামেৰে বিখ্য়াত হৈ পৰে ?
উত্তৰঃ হিন্দু কলেজ ।
১৬। প্ৰথম গৰাকী জাতীয়তাবাদী বুলি কাক কোৱা হয় ?
উত্তৰঃ ডেৰজিয়ক ।
১৭। প্ৰাৰ্থনা সমাজ কোনে কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰঃ কেশৱ চন্দ্ৰ সেনে ১৮৬৭ খ্ৰীষ্ঠাব্দত প্ৰতিষ্ঠা কৰিছিল ।
১৮। বিধৱা বিবাহ সংস্থা আৰু দাক্ষিণাত্য় শিক্ষা সমাজ নামৰ অনুষ্ঠান দুটা কোনে গঢ় দিছিল?
উত্তৰঃ জাষ্টিছ মহাদেৱ গোবিন্দ ৰাণাডে ।
১৯। ৰামকৃষ্ণ মিছন কেনেদৰে গঢ়ি উঠিছিল ?
উত্তৰঃ ৰামকৃষ্ণ পৰমহংস মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল ।
২০। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন ?
উত্তৰঃ স্বামী বিবেকানন্দ ।
২১। স্বামী বিবেকানন্দ প্ৰকৃত নাম কি ?
উত্তৰঃ নৰেন্দ্ৰ নাথ দত্ত ।
২২। থিয়’ছফিকেল ছ’চাইটি এটা কি ?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান ।
২৩। এই অনুষ্ঠানটো কেতিয়া ক’ত প্ৰতিষ্ঠা কৰা হয় ?
উত্তৰঃ নিউয়ৰ্ক চহৰত, ১৮৭৫ খ্ৰীষ্টাব্দত ।
২৪। থিয়’ছফিকেল ছ’চাইটিক কোনে জনপ্ৰিয় কৰি তুলিছিল ?
উত্তৰঃ এনি বেছাণ্ট ।
২৫। এনি বেছাণ্টে প্ৰতিষ্ঠা কৰা স্কুল খনৰ নাম কি ?
উত্তৰঃ চেণ্ট্ৰেল হিন্দু স্কুল ।
২৬। হোম ৰুল লীগ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰঃ এনি বেছাণ্টে ১৯১৬ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল ।
২৭। ১৯১৭ খ্ৰীষ্টাব্দত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনৰ সভাপতি কোন ?
উত্তৰঃ এনি বেছাণ্ট ।
২৮। ‘বেংগল গেজেট’ কি ?
উত্তৰঃ প্ৰথমখন ইংৰাজী ভাষাৰ সংবাদপত্ৰ ।
২৯। বেংগল গেজেট কোনে প্ৰকাশিত কৰিছিল ?
উত্তৰঃ জেমছ আগষ্টাচ হিকিৰ ।
৩০। ‘অস্ত্ৰ আইন’ কোনে জাৰি কৰিছিল ?
উত্তৰঃ লৰ্ড লিটনে ।