অধ্য়ায় – 10
অনুশীলনী – 10(A)
1. বছৰি 10% হাৰে 6000 টকাৰ 2 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সুত উলিওৱা।
2. মিশ্ৰ সুতত বছৰি 10% সুতৰ হাৰে 10000 টকাৰ 3 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰা।
3. 10000 টকা নূল্য়ৰ টিভি এটা এজন মানুহে এখন দোকানৰ পৰা মিশ্ৰ সুতত বছৰি 5% সুতৰ হাৰত 3 বছৰৰ অন্তত পৰিশোধ কৰাৰ চৰ্তত কিনি আনিলে। নিৰ্দিষ্ট সময়ৰ অন্তত মানুহজনে দোকানীক কিমান টকা দিবলগীয়া হ’ল?
4. 8000 টকাৰ বছৰি 5% সুুতৰ হাৰে 3 সৰল সুত আৰু মিশ্ৰ সুতৰ পাৰ্থক্য় কিমান হ’ব উলিওৱা।
5. সুত ছমাহৰ মূৰে মূৰে গণনা কৰিলে 12500 টকা বছৰি 12% সুতৰ হাৰত বছৰৰ মূৰত কিমান টকা হ’গৈ?
6. সুত চাৰি মাহৰ মূৰে মূৰে গণনা কৰিলে বছৰি 15% সুতৰ হাৰে 24000 টকাৰ মিশ্ৰ সুত নিৰ্ণয় কৰা।
7. মিশ্ৰ সুতত বছৰি 10% সুতৰ হাৰে 20000 টকাৰ বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰা।
8. ৰক্তিমে তেওঁৰ এজন বন্ধুৰ পৰা 20000 টকা বছৰি 12% সুতৰ হাৰত সৰল সপতত ধাৰলৈ ল’লে। তেওঁ এই টকাখিনি অৰ্ণৱক একে সুতৰ হাৰত মিশ্ৰ সুতত ধাৰলৈ নিলে। 2 বছৰৰ অন্তত অৰ্ণৱৰ এই লেন- দেনৰ পৰা আয় কিমান হ’ব?
Type – Rajashree Bora