1/ প্ৰহ্লাডৰ পিতৃৰ নাম কি?
উত্তৰঃ প্ৰহ্লাডৰ পিতৃৰ নাম হিৰণ্যকশিপুৰ।
2/ নাটিকাখনি কেইটা দৃশ্যত বিভক্ত ?
উত্তৰঃ নাটিকাখনি ৫টা দৃশ্যত বিভক্ত।
3/ হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল ?
উত্তৰঃ হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল।
4/ প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল ?
উত্তৰঃ প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ শুক্ৰচাৰ্য দুই পুত্ৰক পঠিয়াইছিল।
5/ ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল ?
উত্তৰঃ ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে ভগৱান বিষ্ণুক কৈছে।
6/ স্ফটিক স্তম্ভটোৰ পৰা উলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি ?
উত্তৰঃ স্ফটিক স্তম্ভটোৰ পৰা উলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম হল- নৰসিংহ।
7/ অসুৰৰ শাস্ত্ৰশনৰ নাম কি ?
উত্তৰঃ অসুৰৰ শাস্ত্ৰশনৰ নাম হল-বামানয়।
8/ কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ এই কথাষাৰ কোনে কাক কৈছিল ?
উত্তৰঃ জ্য়েষ্ঠ ভ্ৰাতৃয়ে প্ৰহ্লাদক কৈছিল।
9/ ষণ্ডামৰ্কৰ পিতৃৰ নাম কি ?
উত্তৰঃ ষণ্ডামৰ্কৰ পিতৃৰ নাম দৈত্য়গুৰু শুক্ৰাচাৰ্য।
10/ বিষ্ণৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল ?
উত্তৰঃ বিষ্ণৱে প্ৰধানকৈ ১০ টা অৱতাৰ ধাৰণ কৰিছিল।
11/ বামানয় শাস্ত্ৰ কি ?
উত্তৰঃ বামানয় শাস্ত্ৰ হল বেদ-বিৰুদ্ধে।
12/ ষণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰৰ পতি আকৃষ্ট কৰিব পাৰিলেনে ?
উত্তৰঃ ষণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰৰ পতি আকৃষ্ট কৰিব নোৱাৰিলে।
13/ ত্ৰিভুৱন মানে কি ?
উত্তৰঃ ত্ৰিভুৱন মানে তিনি ভুৱনৰ সমাহাৰ।
14/ চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰিনামে শোভা নাপায় কোনে কাক কৈছিল ?
উত্তৰঃ ষণ্ডামৰ্কই প্ৰহ্লাদক কৈছে।
15/ দৈত্য় বংশৰ লোকে চিৰ বৈৰী হৰিৰ নাম উচ্চাৰণ কৰাটোও এক কি ?
উত্তৰঃ দৈত্য় বংশৰ লোকে চিৰ বৈৰী হৰিৰ নাম উচ্চাৰণ কৰাটোও এক অপৰাধ।
16/ সত্য়ক স্বীকাৰ কৰা কাৰ্য কেতিয়াও কি হব নোৱাৰে ?
উত্তৰঃ সত্য়ক স্বীকাৰ কৰা কাৰ্য কেতিয়াও অপৰাধ হব নোৱাৰে।
17/ প্ৰহ্লাদে বামানয় শাস্ত্ৰ অধ্য়য়ন কৰিছিল নে নাই ?
উত্তৰঃ প্ৰহ্লাদে বামানয় শাস্ত্ৰ অধ্য়য়ন কৰা নাই।
18/ তথাপি মহাৰাজ, অতি গৰ্বও বিনাশৰ কাৰক হ’ব পাৰে কোনে কাক কৈছিল ?
উত্তৰঃ মহাৰাণীয়ে মহাৰাজক কৈছিল।
19/ হিৰণ্য়কশিপুৰ ভ্ৰাতৃৰ নাম কি আছিল ?
উত্তৰঃ হিৰণ্য়কশিপুৰ ভ্ৰাতৃৰ নাম আছিল হিৰণ্য়াক্ষ।
20/ কোনে কাক ভস্ম কৰে, ষণ্ডামৰ্ক কোনে সুধিছিল ?
উত্তৰঃ হিৰণ্য়কশিপুৱে সুধিছিল।
Type By- Subhas Nath