উভতি নহাৰ কবিতা
অতি চমু প্রশ্নাৱলী : মূল্যাংক : ১
১। ‘উভতি নহাৰ কবিতা’ কবিতাটি কোনখন কাব্য-সংকলনৰ পৰা লোৱা হৈছে? [HS ‘09,’11]
২। নৱকান্ত বৰুৱাই ৰচনা কৰা যি কোনো এখন কাব্যগ্ৰন্থৰ নাম লিখাঁ । [HS ‘10]
৩। ‘তামীঘৰা’ শব্দটোৰ অৰ্থ লিখা । [HS ‘12, ‘17]
৪। ‘যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ’ – ইয়াত ‘জীয়াৰ’ শব্দটোৰ অর্থ কি? [HS ‘13]
৫। নৱকান্ত বৰুৱাই কোন চনত জন্মগ্ৰহণ কৰিছিল? [HS ‘14]
৬। কবিৰ জীয়াই থকাৰ মন্ত্ৰ কি ? [HS’15]
৭। কবি জীৱনৰ জীয়াই থকাৰ মন্ত্ৰ কি? [HS ‘16]
৮। উভতি নহাৰ কবিতা’টি কোন শ্ৰেণীৰ কবিতা ? [HS 18]
(খ) চমু প্রশ্নাৱলী: মূল্যাংক: ২/৩
১। নৱকান্ত বৰুৱাৰ কাব্যকৃতি চমুকৈ আলোচনা কৰা। [HS ‘11]
২। কবি নৱকান্ত বৰুৱাই লিখা তিনিখন কবিতাপুথিৰ নাম লিখা।[HS ‘12]
৩। নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা ।[HS ‘13, ‘17]
৪। নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনিৰ নাম লিখা।[HS ‘14]
৫। কবি নৱকান্তই কিয় পৃথিৱীলৈ উভতি নাহো বুলি ভাবিছে, চমুকৈ লিখা । [HS ‘15]
৬। বকুল তলৰ ফুল কোনে বুটলিব বুলি করিয়ে ভাবিছে? [HS’16]
৭। কবিয়ে জীয়াই থকাৰ মন্ত্ৰ কি বুলি কৈছে? জীয়াই থকাৰ ধেমালিটো কেইবাৰ, কেনেদৰে কৰাৰ কথা কৈছে বুজাই লিখা। [HS’17]
৮। নৱকান্ত বৰুৱাৰ দুখন শিশু উপযোগী গ্ৰন্থৰ নাম লিখা । [HS ‘18]
(গ) ৰচনাধর্মী প্রশ্নাৱলী : মূল্যাংক : ৪/৫
১। প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা :
(ক) বকুল তলত ফুল পৰি ৰ’ব
মইতো নহয়, কোনোবাই বুটলিব
মই নাহোঁ, মই নোৱাৰোঁ আহিব, নাহোঁ। [HS ‘09]
(খ) ‘মাথোন এই পৃথিৱীখনক ভাল পাই গ’লোঁ
এই কথাটোকে কিমানবাৰ যে ক’লোঁ
কিমান ভাবেৰে ক’লো….. [HS ‘10]
(গ) যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ
সেই মন্ত্রকে গালোঁ
জীয়াই থকাৰ ধেমালিটো মই
এবাৰেই খেলি গ’লোঁ । [HS ‘11, ‘12,14]
(ঘ) কোনোৱা আহিব মোৰ কোনো দিনা
মোৰ সুৰতেই বাজিব নতুন বীণা ?
ওহো সেয়া হ’ব নতুন মানুহ
সেই দিনো হ’ব নতুন দিন
মোৰ তাত একো নাথাকে চিন। [HS ‘16]
Type: Himashree Bora.