ভাৰতীয় আদৰ্শত বৈৰাগ্য
H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ
(ক) অতি চমু প্রশ্নাৱলী : মূল্যাংক : ১
১। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ কি ? [HS ‘12]
২। ‘পঞ্চপুষ্প‘ পুথিখনৰ ৰচক কোন ? [HS ‘13]
৩। কৰ্ম কৰা কৌশলক ভগৱদগীতাত কি বুলি অভিহিত কৰিছে ?[HS ‘13,14]
৪। ‘কামসেন্দুৰ‘ কবিতা পুথিখনৰ ৰচক কোন? [HS ‘15]
৫। প্রকৃত ত্যাগ বুলিলে কি বুজা ? [HS ‘16]
৬। তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনিৰ নাম কি? [HS ‘16]
৭। তীৰ্থনাথ শৰ্মা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল? [HS ‘17]
৮। ‘বৈৰাগ্য‘ শব্দৰ অৰ্থ কি ? [HS’18]
(খ) চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩
১। নিত্য অধ্যয়নৰ গুৰুত্ব কেনেকুৱা ? [HS ‘12]
২। ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনে ধৰণৰ? [HS ‘14]
৩। প্ৰকৃততে ত্যাগ বা বৈৰাগ্য কি? [HS ‘15]
৪। শৰীৰধাৰী মানুহৰ কিহৰ বাহিৰে আন উপায় নাই ? [HS ‘16]
৫। ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায় ?[HS ‘17]
৬। অতিথি দেৱো ভব‘ মানে কি? [HS ‘18]
গ) ৰচনাধর্মী প্রশ্নাৱলী : মূল্যাংক : ৪/৫
১। ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান ক‘ত বুলি কোৱা হৈছে? গার্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ ওলোৱা বিদ্যাৰ্থীক গুৰুৱে কি উপদেশ দিছিল ? [HS ‘12]
২। চাৰি আশ্ৰম বুলিলে কি বুজা ? চাৰি আশ্ৰমৰ বিষয়ে চমুকৈ লিখা ।[HS’13,’16,’18]
৩। উপনিষদৰ কৰ্ম-যোগ কি? [HS ‘14]
৪। ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিৰ বিধিবাক্যটো কি আৰু তাৰ অৰ্থ কেনেধৰণৰ? [HS ‘14]
৫। গুৰুৱে বিদ্যাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল? [HS ‘15]
৬। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’– কথাষাৰ বহলাই লিখা। [HS ‘17]
Type: Himashree Bora