অসমীয়া সাহিত্যৰ বুৰঞ্জী
H.S. পৰীক্ষাত অহা প্ৰশ্ন
(ক) অতি চমু প্রশ্নঃ মূল্যাংক: ১
১। ‘মনোমতী‘ উপন্যাসখন কোনে ৰচনা কৰিছিল ? [HS ‘07, ‘12]
২। ‘অপূর্ণ‘ উপন্যাসখন কোনে ৰচনা কৰিছিল ? [HS ‘07,’09, ‘17,’18]
৩। অসমীয়া চুটিগল্পৰ জনক কোন? [HS ‘07, ‘10]
৪। ‘সাতসৰী‘ গল্প পুথিখন কোনে ৰচনা কৰিছিল ? [HS ‘07, ‘12]
৫। নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্পৰ ঘাই বৈশিষ্ট্য কি? [HS ‘07]
৬। অ.ভা.উ.সা. সভা কিমান চনত স্থাপিত হৈছিল ? [HS ‘08, ‘11]
৭। ‘লাহৰী‘ উপন্যাসৰ ৰচক কোন? [HS ‘08,’15]
৮। লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্র উপন্যাসখনৰ নাম কি? [HS ‘08,’14]
৯। ‘জোনাকী‘ কাকতৰ প্ৰথম সম্পাদক কোন আছিল? [HS ‘09, ]
১০। ‘পদুম কুঁৱৰী‘ কাৰ ৰচনা ? [HS ‘09, ‘12,’16]
১১। ‘বাজীকৰ‘ কাৰ ৰচনা ? [HS ‘08, 10, 15, 18]
১২। ‘জোনাকী‘ কাকতৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল? [HS ‘10, ‘12]
১৩। ‘ভানুমতী‘ উপন্যাসৰ ৰচক কোন? [HS ’10]
১৪। ‘ব্যৰ্থতাৰ দান‘ কাৰ ৰচনা ? [HS ’11]
১৫। ‘মিৰি জীয়ৰী‘-ৰ ৰচক কোন ? [HS’11]
১৬। ‘অপূর্ণ‘ কোন শ্ৰেণীৰ ৰচনা ? [HS ‘12,’16]
১৭। ‘সাধনা‘ গ্ৰন্থৰ ৰচক কোন ? [HS’13]
১৮। ‘বাজীকৰ‘ কোন শ্ৰেণীৰ গ্ৰন্থ ? [HS 13]
১৯ । অসমীয়া সাহিত্যত প্ৰথম উপন্যাসখনৰ নাম কি? [HS’14]
২০। ৰজনীকান্ত বৰদলৈৰ জনজাতীয় জীৱনক লৈ ৰচনা কৰা উপন্যাসখনৰ নাম কি? [HS’14]
২১। শৰৎচন্দ্ৰ গোস্বামীৰ এখন চুটিগল্প পুথিৰ নাম লিখা। [HS’14,’16]
২২। দৈবচন্দ্র তালুকদাৰে ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা।[HS 15, 17]
২৩। দণ্ডিনাথ কলিতা মুখ্যতঃ ঔপন্যাসিক নে গল্পকাৰ ? [HS’15]
২৪। ‘দন্দুৱা দ্রোহ‘ উপন্যাসৰ ৰচক কোন ? [HS’16]
২৫। ‘আৱাহন‘ কাকতৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল? [HS ‘09, 13]
২৬। নির্মল ভকত উপন্যাসখন কোনে লিখিছিল? [HS ‘17]
২৭। অসমীয়া সাহিত্যত প্রথম উপন্যাস কোনে ৰচনা কৰে? [HS ‘17]
২৮। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা।[HS’18]
২৯। ত্রৈলোক্যনাথ গোস্বামীৰ এখন গল্পপুথিৰ নাম লিখা ।[HS’18]
(খ) চমু প্রশ্নঃ মূল্যাংক: ২/৩/৪
১। ৰজনীকান্ত বৰদলৈৰ উপন্যাস সম্পৰ্কে এটি টোকা লিখা।
[HS ‘08,’18]
২। অসমীয়া চুটিগল্পৰ বিকাশত ‘আৱাহন’ কাকতৰ বৰঙণিৰ বিষয়ে চমুকৈ লিখা।[HS ‘08]
৩। লক্ষ্মীনাথ ফুকন অথবা নকুলচন্দ্ৰ ভূঞাৰ গল্প-শিল্পৰ পৰিচয় দাঙি ধৰা।[HS ‘08, ‘10]
৪। শৰৎচন্দ্ৰ গোস্বামীৰ চুটিগল্পৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখা। [HS ‘09, ‘13]
৫। পদ্মনাথ গোহাঞিবৰুৱাৰ উপন্যাস-সাহিত্যৰ আভাস দিয়া। [HS ‘09]
৬। মহীচন্দ্ৰ বৰা অথবা লক্ষ্মীধৰ শৰ্মাৰ গল্প-সাহিত্যৰ পৰিচয় দাঙি ধৰা ।[HS’09,’11]
৭। অসমীয়া সাহিত্যত ‘উপন্যাস সম্রাট‘ বুলিলে কাক বুজা যায়? তেওঁৰ উপন্যাসকেইখনৰ বিষয়ে এটি পৰিচয়মূলক আলচ দাঙি ধৰা ।[HS ‘10, ‘12]
৮। চুটিগল্পকাৰ হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ এটি মূল্যায়ণ আবঢ়োৱা। [HS ‘10, 11, ‘13]
৯। ৰজনীকান্ত বৰদলৈৰ ঐতিহাসিক উপন্যাসকেইখনৰ চমু আভাস দিয়া। [HS 11, ‘13]
১০। অসমীয়া চুটি গল্পৰ জনক কোন? তেওঁৰ চুটি গল্প সম্পর্কে এটি আলোচনা কৰা ৷[HS’12]
(গ) ৰচনাধর্মী প্রশ্ন : মূল্যাংক : ৫/৬
১। জোনাকী যুগৰ অসমীয়া উপন্যাসৰ বিষয়ে এটি চমু সমীক্ষা আগবঢ়োৱা ।[HS ‘07]
২। শৰৎচন্দ্ৰ গোস্বামী অথবা নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্প প্রতিভা সম্পর্কে এটা আলোচনা আগবঢ়োৱা । [ HS ‘07] |
৩। অসমীয়া সাহিত্যত কোনে প্রথম চুটিগল্প সংযোজন কৰে ? তেওঁৰ চুটিগল্পৰ পুথিসমূহ উল্লেখ কৰি এটি আলোচনা আগবঢ়োৱা ।[HS’14]
৪। পদ্মনাথ গোহাঞিবৰুৱা বা ৰজনীকান্ত বৰদলৈৰ উপন্যাসবোৰৰ চমু পৰিচয় দিয়া ৷[HS’14]
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ চমু পৰিচয় দি তেওঁৰ দ্বাৰা প্ৰাণীত চুটিগল্পৰ পুথিসমূহৰ নাম লিখা। [HS’15]
৬। ৰজনীকান্ত বৰদলৈয়ে জনজাতীয় জীৱনক পটভূমি হিচাপে লৈ লিখা উপন্যাসখনৰ নাম কি? তেওঁ ৰচনা কৰা উপন্যাস- সাহিত্যৰ বিষয়ে এটি চমু আলোচনা আগবঢ়োৱা । [HS’15]
৭। অসমীয়া সাহিত্যৰ ইতিহাসত বুৰঞ্জীমূলক উপন্যাসৰ স্ৰষ্টা ! হিচাপে ৰজনীকান্ত বৰদলৈৰ অৱদান সম্পৰ্কে লিখা । [HS ‘16]
৮। “ লক্ষীনাথ বেজবৰুৱা পুৰণি সাধুকথা আৰু আধুনিক চুটিগল্পৰ সংযোজক সেতুৰ দৰে।” অসমীয়া চুটিগল্পৰ জন্ম আৰু বিকাশত বেজবৰুৱাৰ অৱদানৰ বিষয়ে লিখা। [HS ‘16]
৯। অসমীয়া উপন্যাস সাহিত্যলৈ পদ্মনাথ গোহাঞিবৰুৱাৰ অৱদান সম্পর্কে এটি আলোচনা যুগুত কৰা।[HS ‘17]
Type: Himashree Bora.