ই অগ্নি-বীণাৰ তান
H.S. পৰীক্ষাত অহা প্ৰশ্ন
(ক) অতি চমু প্রশ্ন : মূল্যাংক : ১
১। অসমীয়া সাহিত্যত ‘অসম কেশৰী’ আখ্যা কাক দিয়া হৈছে? [HS ‘10, ‘12]
২। সাহিত্য অকাডেমী বঁটা লাভ কৰা অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা পুথিখনৰ নাম লিখা । [HS ‘14]
৩। অসমৰ সাহিত্য জগতত অম্বিকাগিৰী ৰায়চৌধুৰীক কি বিশেষণেৰে জনা যায়? [HS ‘15]
(খ) চমু প্রশ্ন : মূল্যাংক : ২/৩/৪
১। “ই যে মাতৃ আদেশ, সন্তান-প্রাণ দিবলকে বলিদান।”— কবিতাফাঁকিৰ তাৎপৰ্য বিচাৰ কৰা। [HS ‘09, 12]
২। ‘হ যে সুধাৰ কাৰণে দেৱ-দানৱৰ সিন্ধু-মথন-গান।’
—কবিতাফাকিৰ তাৎপৰ্য ব্যাখ্যা কৰা। [HS ‘11]
৩। প্রসঙ্গ সঙ্গতি দশাই ব্যাখ্যা কৰা :
(ক) এইতো নহয় হাঁহি-তামচাৰ ভাগৰ জুৰোৱা গান ই
যে জীৱন-মৰণ একাকাৰ কৰা অগ্নি বীণাৰ তান। [HS’10]
(খ) ই যে হীনতা-নীচতা, ভীৰুতা-দীনতা
জোকাৰি পেলোৱা ভাব,
ই যে এক ৰূপ ৰসে, একে ৰঙে চঙে
এক কৰি দিয়া ছাৱ। [HS ‘14]
(গ) “ই যে মাতৃ আদেশ, সন্তান-প্রাণ দিবলকে বলিদান । [HS ‘16]
(ঘ) ই যে শত আঘাতৰ ৰক্ত ধুউৱা শ্ৰাৱণৰ মহাবান,
ই যে মাতৃ আদেশ, সন্তান-প্রাণ দিবলকে বলিদান । [HS’18]
(ঙ) অসমৰ সাহিত্য জগতত অম্বিকাগিৰী ৰায়চৌধুৰীক
কি বুলি জনা যায়? সাহিত্য অকাডেমি বঁটা লাভ
কৰা ‘তেওঁৰ কবিতা পুথিখনৰ নাম লিখা । [HS’18] |
(গ) ৰচনাধৰ্মী প্রশ্নঃ মূল্যাংক : ৫
১। ‘ই যে অগ্নি-বীণাৰ তান’ কবিতাটিত প্ৰকাশ পোৱা স্বদেশপ্ৰেমৰ আভাস দাঙি ধৰা। [HS 11, ‘13, 15, 17]
Type: Himashree Bora.