হাতী
H.S. পৰীক্ষাত অহা প্ৰশ্ন
(ক) অতি চমু প্রশ্ন: মূল্যাংক: ১
১। হোমেন বৰগোহাঞিৰ সাহিত্য অকাডেমী বঁটা বিজয়ী উপন্যাসখনৰ নাম কি? [HS ‘10]
২ । হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা এটি গল্প সংকলনৰ নাম লিখা ৷ [HS ‘11, ‘17]
৩। বলোৰাম মেধিয়ে শেষত হাতীটো কাক দান কৰিছিল ? [HS ‘12]
৪। ‘বাপধন’ আৰু ‘ৰাতিয়া‘ কোন ? [HS’12]
৫। হোমেন বৰগোহাঞিৰ কাব্য সংকলনখনৰ নাম কি ? [HS ‘13,15,’16]
৬। হোমেন বৰগোহাঞিৰ এখন আত্মজীৱনীমূলক গ্ৰন্থৰ নাম লিখা ।
[HS ‘14]
৭। হোমেন বৰগোহাঞিয়ে কোনখন উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে? [HS ‘18]
(খ) চমু প্রশ্ন: মূল্যাংক: ২/৩/৪
১। “তাৰ পিছত, তাৰ পিছত কি হ‘ব? নকৱ কিয় তাৰ পিছত কি হ’ব?”—–কথাষাৰ কোনে কৈছিল? তেওঁ এনেদৰে | কোৱাৰ কাৰণ কি? [HS ‘09, ‘11]
২। হোমেন বৰগোহাঞিৰ দুখন গল্প পুথিৰ নাম লিখা । [HS ‘09]
৩। নতুনৰ শোভাযাত্ৰাত ঠাই নোপোৱা, প্ৰাচীন হৈ যাব ধৰা । পৃথিৱীৰ দুটা অথৰ্ব প্রতিনিধি।’— ইয়াত কি নতুনৰ শোভাযাত্ৰাৰ কথা কোৱা হৈছে, আৰু তাত ঠাই নোপোৱা প্রতিনিধি দুটা কোন কোন ? [HS’13,15]
৪। “কি ক’লি? বাপধনক বেছি মটৰ কিনিব খোজ ?” এনেকৈ কোনে, কাক কিয় প্রশ্ন কৰিছিল ? [HS’14]
৫। “ঘটনাটো ঘটিল বুঢ়াৰ সৰু পুতেকৰ বিয়া উপলক্ষ্য।” ইয়াত কি ঘটনাৰ কথা কোৱা হৈছে? বুঢ়া আৰু তেওঁৰ সৰু পুতেকৰ নাম কি? [HS’16]
৬। “ঘটনাটো ঘটিল বুঢ়াৰ সৰু পুতেকৰ বিয়া উপলক্ষে।” ইয়াত কি ঘটনাৰ কথা কোৱা হৈছে ? বুঢ়া আৰু তেওঁৰ সৰু পুতেকৰ নাম কি? [HS ‘18]
(গ) ৰচনাধৰ্মী প্রশ্ন: মূল্যাংক: ৫
১। ‘সিটো কেৱল এটা হাতী নহয়, কেৱল এটা অভিজাত বাহনো নহয়, সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক?’— ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি কাৰ জীৱনৰ প্ৰসংগত কোৱা হৈছে? কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা । [HS ‘10, ‘17]
২। নতুনৰ শোভাযাত্ৰাত ঠাই নোপোৱা, প্ৰাচীন হৈ যাব ধৰা পৃথিৱীৰ দুটা অথৰ্ব প্ৰতিনিধি।’—ইয়াত ‘অথর্ব প্রতিনিধি‘ | বুলি কাৰ কাৰ কথা কোৱা হৈছে? কথাষাৰিৰ তাৎপর্য ব্যাখ্যা কৰা । [HS’11,’15]
৩। বলোৰাম মেধিয়ে হাতী কিয় কিনিছিল? ‘হাতী‘ গল্পৰ আধাৰত নতুন আৰু পুৰণি মূল্যবোধৰ মাজত কেনেদৰে সংঘাতৰ সৃষ্টি হৈছে বিৱৰি লিখা । [HS ‘12]
৪। বাপধনক কেন্দ্ৰ কৰি বাপেক-পুতেকৰ মাজত কেনেধৰণৰ কাজিয়াৰ সূত্ৰপাত হৈছিল লিখা। [HS ‘13,’16,’18]
৫। বলোৰাম মেধি কোন ? তেওঁ কিয় হাতী কিনিছিল ? হাতীটো পিচত কি হ‘ল? [HS’14,’17]
৬। ‘হাতী’ গল্পত মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ কেনেদৰে অংকিত
হৈছে তাক বিশ্লেষণ কৰি দেখুওৱা ।[HS’15]
Type: Himashree Bora.