চুটিগল্প
H.S. পৰীক্ষাত অহা প্রশ্ন
(ক) চমু প্রশ্ন: মূল্যাংক: ২/৩/৪
১। চমুটোকা লিখা :
(ক) চুটিগল্পৰ সংলাপ । [HS ‘99, ‘10]
(খ) চুটিগল্পৰ কলা-কৌশল। [HS 2000, ‘02, ‘03]
(গ) চুটিগল্পত মনস্তত্ত্ব বিশ্লেষণ।[HS ‘01]
(ঘ) চুটিগল্পৰ ৰচনা-ৰীতি।[HS ‘04, ‘05, ‘08]
(ঙ) চুটিগল্পৰ সংজ্ঞা।[HS ‘06]
(চ) অসমীয়া চুটিগল্পৰ জন্ম-কথা।[HS ‘08]
(ছ) চুটিগল্পৰ ঐক্য।[HS ‘09, ‘11]
(জ) চুটিগল্প আৰু উপন্যাসৰ পাৰ্থক্য। [HS ‘13, 14, 16]
(ঝ) বস্তুনিষ্ঠ চুটিগল্প । [HS’13]
(ঞ) চুটিগল্প আৰু সাধুকথাৰ বিষয়বস্তু। [HS’ 13]
(ট) সামাজিক উপন্যাস ।[HS ‘14]
(ঠ) চুটিগল্পৰ চৰিত্ৰ। [HS’14,’16]
(ড) উপন্যাসত লেখকৰ জীৱনদৰ্শন।[HS’14]
(ঢ) বিষয়বস্তুৰ ফালৰ পৰা চুটিগল্পৰ বিভাগ; [HS’ 18]
(ণ) পৰিৱেশ প্রধান চুটিগল্প ৷ [HS’18]
২। সাধুকথা আৰু চুটিগল্পৰ প্ৰধান পার্থক্যবোৰ ফঁহিয়াই দেখুওৱা । [HS ‘08, ‘10, ‘11, ‘12,’14,’18]
৩। চুটিগল্পৰ এটি সংজ্ঞা দিয়া। চুটি গল্পৰ তিনিটা বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা ৷ [HS’12,’14, ‘17]
৪। চুটিগল্প বুলিলে কি বুজা ? ইয়াৰ লক্ষণসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা ৷ [HS ‘13,15]
৫। চুটিগল্প আৰু উপন্যাসৰ পাৰ্থক্যসমূহ চমুকৈ আলোচনা কৰা । [HS’ 15]
৬। চমুকৈ লিখাঃ
(ক) চুটিগল্পৰ আৰম্ভণি আৰু পৰিসমাপ্তি [HS 15, 17]
(খ) চুটিগল্প আৰু সাধুকথাৰ পাৰ্থক্য [HS ‘15,’17]
৭। চুটিগল্পৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । [HS ‘16]
৮। চুটিগল্প আৰু সাধুকথাৰ মাজত দৃষ্টিগোচৰ হোৱা দুটা প্ৰধান প্রভেদৰ বিষয়ে আলোচনা কৰা । [HS ‘16]
(খ) ৰচনাধর্মী প্রশ্ন: মূল্যাংক: ৫/৬
১। চুটিগল্পৰ ৰচনা কৌশল সম্পর্কে এটি চমু আলচ যুগুতোৱা ৷ [HS ‘99, ‘09]
২। উপন্যাস আৰু চুটিগল্পৰ মাজত কি কি প্ৰভেদ পৰিলক্ষিত হয়, আলোচনা কৰা। [ HS 2000, 05, 12, 17, 18]
৩।“চুটিগল্প আকৌ সাধুকথাও নহয়, আখ্যানো নহয়।সাধু আৰু আখ্যানৰ মাজত থকা ই এবিধ স্বতঃসম্পূর্ণ সাহিত্য।” –এই উক্তিৰ আলমত চুটিগল্প সম্পৰ্কে এটি চমু আলোচনা আগবঢ়োৱা ।[HS ‘01, ‘04]
৪। “চুটিগল্প কেনেকৈ লিখিব লাগে নাইবা ই কিমান দীঘল হোৱা উচিত ইত্যাদি বিষয়ে একো ধৰাবন্ধা নিয়ম নাই।”
—এই উক্তিৰ আলমত চুটিগল্পৰ বিষয়ে চমুকৈ লিখা ।[HS ‘02]
৫। “চুটিগল্প আধুনিক সাহিত্যৰ এটি বিশিষ্ট অংগ।”
—এই উক্তিৰ আলমত চুটিগল্পৰ বৈশিষ্ট্য সম্পৰ্কে এটি আলচ যুগুত কৰা।[HS ‘03]
৬। চুটিগল্প কাক বোলে ? বিষয়বস্তুৰ ফালৰ পৰা চুটিগল্প কি কি ভাগত ভগাব পাৰি? প্ৰতিটো ভাগৰ চমু বিৱৰণ দিয়া । [HS ‘06]
৭। চুটিগল্প কাক বোলে? ইয়াৰ প্ৰধান উপাদানবোৰ কি কি? প্ৰতিবিধৰে আলোচনা কৰা । [HS ‘07, ‘09]
৮। চুটিগল্প আৰু উপন্যাসৰ মাজত থকা সাদৃশ্য আৰু । বৈসাদৃশ্যসমূহ আলোচনা কৰা । [HS ‘07]
৯। চুটিগল্পৰ শ্ৰেণী-বিভাজন সম্পর্কে চমুকৈ আলোচনা কৰা ।[HS ‘10]
১০। অসমীয়া চুটিগল্পৰ জনক কোন? অসমীয়া চুটিগল্পৰ বিকাশত তেওঁৰ অৱদানৰ বিষয়ে লিখা। [HS ‘18]
Type: Himashree Bora.