বৰ্ষা বৰ্ণন
H.S. পৰীক্ষাত অহা প্রশ্ন
(ক) অতি চমু প্রশ্ন : মূল্যাংক : ১
১। “গ্ৰীষ্মত আছিল শুখাই ৰৌদ্ৰতাপ সহি”- – কোনে ৰৌদ্ৰতাপ সহিছিল ? [HS ’99]
২। শ্ৰীমন্ত শঙ্কৰদেৱৰ ‘বৰ্ষা বর্ণন‘ কবিতাংশ ভাগৱতৰ কোনটো স্কন্ধত পোৱা যায় ? [HS 2000, ’02]
৩। ‘কৰিলে গুৱালী পলুৰঙ্গা থানে থান‘ – ইয়াত ‘পলুৰঙ্গা’ শব্দই কি অর্থ প্রকাশ কৰিছে, লিখা।[HS ‘04, ‘10]
৪। শ্ৰীশঙ্কৰদেৱ কোন যুগৰ কবি? [HS ’04]
৫। “যান্ত কৃষ্ণে গোষ্ঠক আগত ধেনু লৈ’—ইয়াত ‘গোষ্ঠ’ কি অৰ্থত ব্যৱহাৰ হৈছে? [HS 2000, ‘09]
৬। শুকমুনি কাৰ পুত্ৰ আছিল ? [HS ‘08]
৭। ‘বর্ষা বর্ণন‘ কাব্যাংশ কোনখন মূল পুথিৰ পৰা অনা হৈছে? [HS ‘11]
৮। শ্ৰীমন্ত শংকৰদেৱৰ নাম-প্ৰসংগমূলক গ্রন্থ এখনৰ নাম লিখা । [HS ‘14]
৯। শ্ৰীমন্ত শংকৰদেৱৰ এখন কাব্যৰ নাম লিখা। [HS ‘16]
১০। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি ? [HS ‘17]
১১। শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ডৰ পদ ভাঙনি কৰিছিল ? [HS’18]
(খ) চমু প্রশ্ন : মূল্যাংক : ২/৩/৪
১। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
(ক) বহৱৈ বিপথে অতি ক্ষুদ্র নদী যত।
কৰে অকাৰ্যক যেন ধনৰ গৰ্বত।।[HS ‘2000, 08]
(খ) আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ত্ব।
দুনাই সূৰ্য্যে এৰি দেত্ত বাৰিষা কালত ।। [HS ’02]
(গ) যদ্যাপি মূষলধাৰে মেঘে বৰষিল।
তথাপি পর্বতে পীড়া কিছো নজানিল।। [HS 04]
২। ‘বর্ষা বর্ণন কবিতাটিৰ উৎস গ্রন্থ কি ? এই কবিতাটিৰ কবিজনৰ এখন কাব্যগ্ৰন্থৰ নাম লিখা । [HS ‘13]
৩।তপ উপবাসে দেহা আছিল শুখাই ।।
দুনাই ভোগ ভুঞ্জিলাত আপুনি পুষ্টাই ।।
—ইয়াত কাৰ দেহা ‘শুখাই‘ আছিল? ই কেনেকৈ পুষ্ট হ‘ল, লিখা ।[HS ‘14]
(গ) ৰচনাধর্মী প্রশ্ন : মূল্যাংক : ৫
১। “পশু-পক্ষী বৃক্ষৰো আনন্দে মগ্ন মন।
বাৰিষা ঋতুৰ শ্ৰীক চান্তে ঘনে ঘন।।”
-এই উক্তিৰ আলম লৈ শ্ৰীশঙ্কৰদেৱৰ ‘বৰ্ষা ঋতুৰ বৰ্ণনা‘ৰ এটি চমু বিৱৰণ তোমাৰ নিজৰ ভাষাত লিখা।) [HS ‘99]
২। “গ্ৰীষ্মত আছিল শুখাই ৰৌদ্ৰতাপ সহি।
বাৰিষা কালত দুনাই পুষ্ট ভৈল মহী।।”
এই কবিতাৰ স্তৱকটো কোনটো কবিতাৰ পৰা লোৱা হৈছে ? কবিয়ে গ্ৰীষ্মৰ অন্তত বাৰিষাকালৰ বিৱৰণ কেনেকৈ দিছে, তোমাৰ ভাষাত বৰ্ণনা কৰা। [HS ‘01, ‘05]
৩। “আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ত্ব।
দুনাই সূৰ্য্যে এৰি দেন্ত বাৰিষা কালত।।”
– এই কবিতাৰ স্তৱকটো কোনগৰাকী কবিৰ ৰচনা? এই স্তৱকটোৰ মাজেদি কবিগৰাকীয়ে বাৰিষা কালৰ বিৱৰণ কেনেদৰে প্ৰকাশ কৰিছে, তোমাৰ ভাষাত বৰ্ণনা কৰা। । [HS ‘03]
৪। ‘শুখাই পড়ে জল পুনু অত্যন্ত আসুখ।
দৈৱাধীন নাজানিলে মিলৈ মহাদুখ ।।
উক্ত স্তৱকটি কোনগৰাকী কবিৰ ৰচনা ? স্তৱকটিৰ অন্তৰ্নিহিত কথাখিনি বুজাই লিখা।[HS ‘06]
৫। বর্ষাকালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তিধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে, পাঠৰ আধাৰতআলোচনা কৰা। [HS ‘07, ‘11,’14,16, ‘17]
৬। ‘বর্ষা বর্ণন’ কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাব | বুজাই লিখা ।[HS ‘09]
৭। ‘বর্ষা বর্ণন‘ কবিতাটিৰ মাজেৰে বৰ্ষাকালৰ চিত্ৰ কিদৰে প্ৰকাশ পাইছে, আলোচনা কৰা। [HS ‘10, 13, ‘15,’18]
৮। ‘গ্রীষ্ম গৈলে ঋতু আসি বাৰিষা মিলিলা‘ – গ্ৰীষ্মৰ শেষত অহা বাৰিষা কালৰ বিৱৰণ কবিয়ে কেনেদৰে দিছে ‘বর্ষা বৰ্ণন‘ কাব্যাংশৰ আধাৰত বিৱৰি লিখা। [HS ‘12]
Type: Himashree Bora.