১. ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
Answer: (ক) দুটা
২. মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰৰ?
(ক) তিনি প্ৰকাৰৰ
(খ) চাৰি প্ৰকাৰৰ
(গ) পাঁচ প্ৰকাৰৰ
Answer: (খ) চাৰি প্ৰকাৰৰ
৩. মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই কি বোলা হয়?
(ক) সম্পদ
(খ) মানৱসৃষ্ট সম্পদ
(গ) ইয়াৰে এটাও নহয়।
Answer: (ক) সম্পদ
৪. বস্তু এটা সম্পদ হবলৈ বস্তুটোৰ কেইটা গুণ থাকিব লাগিব?
(ক) চাৰিটা
(খ) তিনিটা
(গ) দুটা
Answer: (গ) দুটা
৫. মানুহ সম্পদৰ লগত কেই প্ৰকাৰে জড়িত?
(ক) দুই প্ৰকাৰে
(খ) তিনি প্ৰকাৰে
(গ) চাৰি প্ৰকাৰে
Answer: (ক) দুই প্ৰকাৰে
৬. ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, যান-বাহন আদিক কি সম্পদ বোলে?
(ক) প্ৰাকৃতিক সম্পদ
(খ) মানৱ-সৃষ্ট সম্পদ
(গ) ইয়াৰে এটাও নহয়।
Answer: (খ) মানৱ-সৃষ্ট সম্পদ
৭. বায়ু, পানী, গছ-গছনি, নদ-নদী আদিক কি সম্পদ বোলে?
(ক) মানৱ-সৃষ্ট সম্পদ
(খ) প্ৰাকৃতিক সম্পদ
(গ) ইয়াৰে এটাও নহয়।
Answer: (খ) প্ৰাকৃতিক সম্পদ
৮. প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক কি সম্পদ বোলে?
(ক) মানৱ-সৃষ্ট সম্পদ
(খ) প্ৰাকৃতিক সম্পদ
(গ) জীৱীয় সম্পদ
Answer: (গ) জীৱীয় সম্পদ
৯. জীৱীয় সম্পদৰ এটা উদাহৰণ দিয়া?
(ক) উদ্ভিদ
(খ) পানী
(গ) কয়লা
Answer: (ক) উদ্ভিদ
১০. মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি আৰু নিজা ভাল গুণ যেনে- ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদিক কি সম্পদ বোলে?
(ক) নবীকৰণ সম্পদ
(খ) জীৱীয় সম্পদ
(গ) ব্যক্তিগত সম্পদ
Answer: (গ) ব্যক্তিগত সম্পদ
১১. প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰ নিৰ্জীৱ সেইবোৰক কি সম্পদ বোলে?
(ক) অজীৱীয় সম্পদ
(খ) নবীকৰণ সম্পদ
(গ) নিজীৱীয় সম্পদ
Answer: (ক) অজীৱীয় সম্পদ
১২. অভায়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান আদিক কি সম্পদ বোলা হয়?
(ক) জীৱীয় সম্পদ
(খ) জাতীয় সম্পদ
(গ) ৰাষ্ট্ৰীয় সম্পদ
Answer: (খ) জাতীয় সম্পদ
১৩. অজীৱীয় সম্পদৰ এটা উদাহৰণ দিয়া?
(ক) উদ্ভিদ
(খ) প্ৰাণী
(গ) মাটি
Answer: (গ) মাটি
১৪. প্ৰাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ স্থানতহে উপলভ্য তেনে সম্পদবোৰক কি সম্পদ বোলে?
(ক) জাতীয় সম্পদ
(খ) স্থানিক সম্পদ
(গ) ইয়াৰে এটাও নহয়।
Answer: (খ) স্থানিক সম্পদ
১৫. বিলুপ্ত হ’ব ধৰা প্ৰাণীৰ ভিতৰত যিকোনো এটা উদাহৰণ দিয়া?
(ক) ধনেশপক্ষী
(খ) কাউৰী
(গ) ইয়াৰে এটাও নহয়।
Answer: (ক) ধনেশপক্ষী
১৬. অসমৰ মূল্যৱান উদ্ভিদ এডালৰ উদাহৰণ দিয়া?
(ক) চেগুণ
(খ) গমাৰী
(গ) সৰ্পগন্ধা
Answer: (গ) সৰ্পগন্ধা
১৭. কিমান চনত স্বতন্ত্ৰভাৱে ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল?
(ক) ১৯৮৬ চনত
(খ) ১৯৮৫ চনত
(গ) ১৯৮৪ চনত
Answer: (ক) ১৯৮৬ চনত
১৮. ৰাষ্ট্ৰসংঘৰ আহ্বানত সাধাৰণ মানুহৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে কি তাৰেখে বিশ্ব পৰিৱেশ দিৱশ পালন কৰা হয়?
(ক) ১ জুন তাৰিখে
(খ) ৩ জুন তাৰিখে
(গ) ৫ জুন তাৰিখে
Answer: (গ) ৫ জুন তাৰিখে
১৯. অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক কি বোলা হয়?
(ক) সম্পত্তি
(খ) সৰ্পগন্ধা
(গ) ইয়াৰে এটাও নহয়।
Answer: (ক) সম্পত্তি
২০. মাটি, শিল, পানী, খনিজ পদাৰ্থ আদিক কি সম্পদ বোলে?
(ক) জীৱীয় সম্পদ
(খ) অজীৱীয় সম্পদ
(গ) ইয়াৰে এটাও নহয়।
Answer: (খ) অজীৱীয় সম্পদ