জ্যামিতিৰ অংকন
অধ্যায় 12
অনুশীলনী 12 (B)
1. কোণমাপকৰ সহায়ত তলত দিয়া মাপৰ একোটা কোণ অংকন কৰি ৰুলমাৰি আৰু কম্পাছৰ সহায়ত ইয়াৰ সৰ্বসম একোটা কোণ অংকন কৰা ।
(i) 50॰
(ii) 35॰
(iii) 75॰
(iv) 140॰
2. 55॰ মাপৰ কোণ এটা অংকন কৰি ইয়াৰ সমানে দুভাগ কৰা ।
3. 100॰ মাপৰ কোণ এটা আঁকি লৈ ইয়াৰ সমদ্বিখণ্ডকডাল অংকন কৰা ।
4. কোণমাপকৰ সহায়ত 40॰ মাপৰ এটা কোণ <ABC আঁকি লোৱা । এতিয়া ৰুলমাৰি আৰু কম্পাছৰ সহায়ত এটা কোণ <PQR অংকন কৰা যাতে <PQR = 2 <ABC ।
5. ৰুলমাৰি আৰু কম্পাছৰ সহায়ত তলত দিয়া মাপৰ একোটাকৈ কোণ অংকন কৰা ।
i) 60॰
ii) 30॰
iii) 15॰
iv) 120॰
v) 90॰
vi) 45॰
vii) 135॰
Question Type By- Himadree Bora
Post ID: DABP001913