নদী বাঢ়িলে অ’
উজান উঠিলে অ’
গছে বনে ফুলে পাতে
বিহু আহিলে অ’
কপৌ পাহে পাহে
মৰম বাঢ়ি আহে
এই মৰম কাৰ বাবে জানানে
মলয়া বলে ঐ
কুঁহি পাতোলৰে অ’
নদীৰ ঢৌৱে ঢৌৱে সোঁতে
মৰম আনিলে অ’
লাহে লাহে লাহে মৰম বাঢ়ি আহে
এই মৰম কাৰ বাবে জানানে
জানমণি তোমাৰ বাবে…..।
পালাশে হাঁহে অ’
ফাগুণক পালে অ’
ময়ো হাঁহিম নাচিম
তোমাক কাষতে পালে অ’
আশাৰ ফুলো ফুলে
মনৰ ফুলনিতে
এই আশা কাৰ বাবে জানানে
জ্বলা জুইতে এই চগা পুৰি মৰে এই
ময়ো পৰিলো তোমাৰ প্ৰেমত
একো নজনাকৈ
একো হৃদয় বুজি পালে কাৰ বাবে জানানে
জানমণি তোমাৰ বাবে…..।◼