আশা মোৰ আশা
এখনি সৰৱ নৈ
সেই আশা মোৰ আশা
আহিছে ৰাঙলী হৈ
মোৰ গানৰ বহু যুগৰ
সুথ-দু1খৰ চিনাকি লৈ।।
মোৰ গানত আছে
আনামিকা মায়া
সপোনৰ সুৰৰ নুবুজা আশা
মোৰ গানে আনে বহুতো প্ৰকাশ
পোৱা নোপোৱাৰ মনৰ জোনাক
জোনাকী মন এটি হৈ
আহিছিলো মৰমৰে বোজা লৈ
আশা মোৰ আশা…
মোৰ গানত আছে বৰষাৰ অনল
সেমেকা শীতৰ ৰ’দালি কোমল
মোৰ গান দিব
নতুন ভাষা
নতুনৰ জোনাক নতুন নিশা
ক্লান্ত বুকু জুৰি ব’ব
সৃষ্টিৰ এই অমল বতাহ
আশা মোৰ আশা।।