এতিয়াও সাৰে আছো মই
ধূসৰ প্ৰভাতৰ ক্ষণ গণি
ধুমুহাৰ নিশা আজিও
বাৰে বাৰে দিয়েদি আমনি
কাষতে স্মৃতিৰ অলেখ সমাধি
হৃদয়ৰ হাহাকাৰ কিদৰে বুজাও মই
এই পৃথিৱীক।
মৃত্য়ুৰ সিপাৰে আছা জানো তুমি
একেখন হৃদয় লৈ আছা জানো তুমি
মনত একেটি হাঁহি
পামনে আকৌ বিচাৰি
এতিয়া নাই সময়
দুহাতত ফুল লৈ
আহিবা যাচিবলৈ
শেষ মৰম
এতিয়াও সাৰে আছো মই…
অশ্ৰু শীতল বৰ সহিব নোৱাৰি
দুচকুত এন্ধাৰ আৰু সিঁচিব নোৱাৰি
বুকুত উথলি আছে
দুখৰ দৰে ক’লা তেজ
এতিয়া মই যেন
কোনোবা দূৰণিত
আছো ৰৈ তোমালে অকলশৰে
এতিয়াও সাৰে আছো মই…।