অ’ ৰূপহী ৰাংঢালী কঁকাল হালি-জালি
যেন মালতীৰ পাহি
তাইৰ চকুযুৰি চাই
মোৰ হিয়া দহি যায়
মাতিলে কাষলে’ তাই আঁতৰিহে পলায়।
বিহুৰ তলিলে মই আহিলোঁ ওলায়
নাচনীৰে মাজত তোক দেখা পায়
অ’ মোৰে তৰাদৈ
নাযাবি মোক এৰি থৈ
যৌৱন যে যায় ভটিয়াই।।
ডিঙিৰে পোৱালমণি হাতৰে খাৰু
খোপাৰে কেতেকী তোক গুঁজিব পাৰোঁ।
অ’ নাজিতৰা
পাই তোৰে বতৰা
হওঁ আপোন পাহৰা।।
ৰূপহী