হাঁহিলে তুমি মুকুতামণি সৰে
দুচকু ভৰিলেও মন নভৰে
বেদনাৰৈ জ্বলা জুই কেতিয়া নুমাবা
মৰমৰ সুৱাসেৰে অনামিকা
কলিজা ৰঙা কৰি জ্বলি আছা।
বহুদিনৰ পৰা নিশা জাগি
যাঁচিছো যে চোমালে মন মাধূৰী
উঠলি উঠা মৰমে গোপনে হিয়া আৱৰে
বেদনাৰ আকাশ ভাঁহি
মন কিয় নে নভৰে
কোৱানা অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা।
সোণসৰা সপোনৰ পাৰ ভাঙি
অসীমলৈ আহিলা তুমি আজি
কতযে দুখৰ ধুমুদা
পাৰ হৈ আহি আহি
সেউজীয়া এটি ছবি
মনৰে মাজতে আঁকি
হৈ আছোঁ অনামিকা।
কলিজা ৰঙা কৰি
উজ্বলি আছা।
হাঁহিলে…।।