বুকুতে বুকুখন থৈ
কোনেনো তান্দে
শদিয়াৰ কোলাতে বহি
ৰাঙলা ৰংদৈৰ
আধৰুৱা প্ৰেমৰ কথা
বান্ধৈ এবাৰ শুনাহি
শদিয়া সাৱদি ঘূৰা
লুইতৰে পাৰত
সময়ে থৈছিলে লিখি
বুকুতে বুকুখন থৈ
কোনেনো কান্দো
শদিয়াৰ কোলাতে বহি
ৰংদৈ আছিলি মাথো ঐ
লুইতৰ পাৰৰে ডেকা তই
চৰা কৈ জাতৰে ৰাঙলী
হিযাখন উজাৰি দিলি গৈ
মিলনৰে শতৰু এই সমাজে
মিলিবলে নিদিছিলে এই মাটিতে
আপুনি চিতাতে জ্বলিছিলে ৰং হৈ
ৰাঙলীক লুইতৰ কৰি থৈ
বুকুতে বুকুখন থৈ
কোনেনো কান্দে
শদিয়াৰ কোলাতে বহি
সেয়া দূৰ কোনোবা পুৰণি
ইতিহাসৰে পাত লুটিয়াও
প্ৰেমৰ আনুপম উৰমা
দেখি আৱেগত উজুটি খাও
দয়তো বা আকাশে ঠাই দিছে
সৰগত দুয়োটাৰে মন মিলিছে
আহিলে আহা মোৰ স’তে
শদিয়ালৈ যাওঁ
ৰংদৈ ৰাঙলীৰ সমাধি চাওঁ
বুকুতে বুকুখন থৈ
কোনেনো কান্দে
শদিয়াৰ কোলাতে বহি
ৰাঙলী ৰংদৈৰ আধৰুৱা প্ৰেমৰ কথা
বান্ধৈ এবাৰ শুনাহি।।