কলিয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখখনি ঐ
অভিমানী মন গুচাবলৈ
কিজানো কৰো ক’বানে ঐ
আলেঙে আলেঙে নিবিচাৰো
অলপ অলপ প্ৰীতিৰে ধৰো।
হিয়াৰে ভৰালা
মৰম শালিধান
দুলি এদুলিকৈ
লৈয়ে যাবা যাম
আকুলতা দিয়াহি মোক
এযাৰি মাতে
ঐ মোলে নোচোৱা নে
কাষত ৰ’লেও আজি
দূৰে দূৰে যেন পাওঁ
ভুল ক’ত কি বাৰু
বিচাৰি নাপাওঁ
ভালপোৱাবোৰে কয়
মই তোমাৰে
ঐ জনমে জনমে
কলিয়া মেঘে…।।