এইটোৱেই আৰম্ভণি, প্ৰথম আমি শিকিছিলোঁ
বুলি পাইছিলোঁ নিজক নিজৰ অস্তিত্বক, ই প্ৰথম
শব্দ, কথা ক’লোঁ শৈশৱ শিকিলোঁ,
দেখিলোঁ, জানিলোঁ, আমি শব্দৰ আশ্ৰিত
শব্দেৰে পৰিচালিত শব্দতে সমাহিত
হঠাৎ শব্দ ভুল হ’ল এতুিয়া আমি কওঁ মিজেই
নাজানো কিমান কওঁ কিমান ৰাখিব পাৰোঁ
আমি নিলৰ্জ…
শব্দ যদি প্ৰেৰণা হয় শব্দ যদি শকতি হয়
শব্দ আজি কিয় শংকিত শব্দ যহি ব্ৰক্ষবৃক্ষ
শব্দ যদি চিৰশুদ্ধ শব্দ আজি কিয় সংকুচিত
শব্দ আজি বাকৰুদ্ধ শব্দ আজি কাৰাৰুদ্ধ
শব্দ আজি নিজেই নিজত আৱদ্ধ।
ইউকেলিপটাচে গছৰ দৰে ওখ হ’ব খোজোঁ মই
চিৰদিন চিৰন্তন, আকাশ চুব খোজোঁ মই
কিন্ত কিছুমান ভয়ানত শব্দই মোৰ
অস্তিত্বক বিলীন কৰি মোক শেষ কৰি
জন্ম দিব খোজে কিছুমানক, যাৰ কোনো
জন্ম লোৱাৰ অধিকাৰ নাই তথাপি যুঁজাৰু
মই জন্মগত আমৰণ মোৰ সংকল্প
অস্তিত্ব অপৰাজেয়
শব্দ মানে আজি যুদ্ধ
শব্দ আজি মাথোঁ ক্ষুদ্ধ
শব্দই আজি মানে কোনো আদৰ্শ
কিয় শব্দ আহে যাতনা হৈ
শব্দ যদি মৰণৰ নৈ শব্দ আজি মৃত অপশিল্প
শব্দ এটি ঘিণ লগা শব্দ শব্দ জন্ত হৈ লিপ্ত
শব্দ মোৰ সৃষ্টিৰ বিলুপ্তিত
মুগ্ধ শব্দ… প্ৰেৰণা… সংকুচিত
… আৱদ্ধ
যদিও পৃথিৱী নিঃশব্দ মই মুক্ত সশব্দ।।