মায়া মায়া মাথোঁ মায়া,
তুমি জানো সঁচা নে
মৰমৰে মায়া।
মায়া ভৰা দুচকুলৈ
হিয়া জুৰি আছেহি বৈ
দূৰণিৰে জোনাকী হৈ
ৰ’লা কিয়
মায়া মায়া…
সাগৰৰ দৰে গভীৰ
তুমি অনা মৰমকে লৈ
আছোঁ জীয়াই
দেহে মনে আছা যদি
বাৰে বাৰে গুচি যোৱা মোক
কিয় কন্দুৱাই
নানিবা সেমেকা ৰাতি
নেলাগে মোক সোঁৱৰণী
মায়া মায়া…
মায়াবিনী সেই ৰাতি আহিছিলোঁ
কাষলে’ তোমাৰ দুখ হ’বলৈ’
হাঁহি হাঁহি সাৱটিলোঁ
অশ্ৰুভৰা অনুভূতিবোৰ মনত গোপনে
মৰমৰ মায়াৰী তৃষা
দিবহি মাথোঁ বেদনা
মায়া মায়া…।