জোনাক গ’লা জাৰৰ নিশা
মূৰ থৈ শেঁতা শেতেলিত
গণি গণি আঙুলিৰ মূৰত
আছে কিমান চকুৰ পানী
সুখৰ চিকুণ মিণ
মই ভাগৰা নাই
জীৱন হেৰুৱাই নাই…
গলি গিল প্ৰতিদিনে
পলে পলে জীৱন গ’লে
ক’তনো বিচাৰিবি কৰুণাৰহ হাত
বিচাৰি ফুৰিম প্ৰতিদিন, প্ৰতিদিন
মই ভাগৰা নাই…
মৰম-চেনেহ তেনেই তাকৰ
নীলিম তোমাৰ চকুৰ বাখৰ
পোহৰাবানে আহি
খিৰিকী মুখৰ সাঁজৰ তৰাটি হৈ,
তৰাটি হৈ,
মই ভাগৰা নাই, জীৱন হেৰুওৱা নাই…।