আন্ধাৰ হ’ব নোৱাৰো
মচি দিব নোখোজো
পাখি মেলা অতীতক
কিদৰে পাহৰো
আন্ধাৰ হ’ব নোৱাৰো….
পোহৰ বুলি জীয়ালো
মনে মনে প্ৰাণতে
হাতেৰে ঢুকিলো
পোৱা জোনৰো ছবি
আগছিলে জীৱনক
কোনোবা দৰদী
আকাশৰ নিলিমাতে
সেই মন
আজি যেন অসীমত
লীন হোৱা তৃষা
কিদৰে পাহৰো মই
আন্ধাৰ হ’ব নোৱাৰো…..
সাগৰ নীলা দুচকুত
কি ৰং আনে জীৱনে
নাজানো যদিও
দুবাহু আছে মেলি
সঁচা মিছা সোমাজত
সাতুৰিছো যদিও
খেদি খেদি সপোনে
মিঠা চুমা যাচে
এই মন আজি যেন
পোহৰৰ প্ৰাণ পোৱা তৃষা
কিদৰে পোহৰো মই
আন্ধাৰ হ’ব নোৱাৰো…।◼