মাতে পকা ধানে ৰিঙিয়াই
বগীতৰা যায় আগুৱাই
বোকাচাত দি যোৱা কেঁচুৱাটি আঘোণাই
নিচুকণি গীত গাই আমাৰে আঘোণা কাই
বৰীতৰা আগুৱাই যায়।
হাতত কাচিখনি মুখত তামোলখনি
কঁকালত টহালি বুকুত মেথনি
তাইৰ আৰু কোনো নাই
অকলেই গুচালে মুখৰ চুৱা-ছাই
সকামটো পাতিলে ৰজন্জনাই।
আঘোণৰ অৱদান অতবোৰ মাটিৰ ধান
কোলাত পালে নাতিল’ৰা সন্তান
তাইত আৰু লাগে কি ?
তাইৰ যদিও আজি আঘোণী নাই
তাইৰ ওচৰত আজি হাত পাতে গঞাই
মাতে পকা ধানে ৰিঙিয়াই…।।