দুটি ওঁঠে এবাৰ কোৱানা সঁচাকৈ
মৰম আছে কিমান তোমাৰ বাৰু মোলৈ২
অবুজন হৈ মনে মোৰ কয়
মই থাকিব বিচাৰো সদায়
তোমাৰ মৰম লৈ…।
দুটি ওঁঠে এবাৰ কোৱানা সঁচাকৈ
মৰম আছে কিমান তোমাৰ বাৰু মোলৈ…
মৰমৰে পিয়াহ মোৰ আঁতৰাবলৈ
কোৱা কিয় বাৰু যাওঁ
লুইতৰ কাষলৈ
তোমাৰে হিয়াৰ পুখুৰীটোলৈ
ঢাপলি মেলোঁ বলিয়াটো হৈ
মই থাকিব বিচাৰো সদায়
দুটি ওঁঠে এবাৰ কোৱানা সঁচাকৈ
মৰম আছে কিমান তোমাৰ বাৰু মোলৈ২
উমি উমি জ্বলা জুই জ্বলে দেৰিলৈ
একা-বেঁকা নদী বয় বহু দূৰলৈ
নাথাকিবা দেই একা-বেঁকা হৈ
কৈয়ে দিয়াচোম চিধা চিধিকৈ
মই থাকিব বিচাৰো সদায়
তোমাৰ মৰম লৈ…