নহ’লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ’ব পাৰে
ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোঁতেই
অচিনা পানচৈ লাগিলেহি ঘাটিতে মোৰ অজানিতে
দুলনি দিলে নুবুজাকৈ মনতে মোৰ গুপুতে
যৌৱনে ক’লে আজু সেযেই হিয়া-দিয়া-নিয়া।
প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে
প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে
তথাৰিতো বাৰে বাৰে মোহাৰিব পাৰিলে
তথাপেতো বাৰে বাৰে
ছিগি যাব কিয় খোজে
সুৰ অকাৰণে-অজানিতে
ল’ৰালিৰ ওমলোতে
ভাল লগা সুৰ মনে মনে
যৌৱনে ক’লে আজি এয়াই হিয়া-দিয়া-নিয়া।
ল’ৰালিৰ সৰকে বিচাৰিহে আহিলোঁ
অচিনা ঘাটতে বিচাৰিয়ে নাপালোঁ
সময়েনো কিয় বাৰু খেলিলেহি লুকা-ভাকু
হায়, বাৰে বাৰে অজানিতে
উভতিলোঁ উতা হাতে
লৈ মাতো মোৰ সোঁৱৰণা
যোৱনে ক’লে আজি এয়াই হিয়া০দিয়া-নিয়া।।