কেউফালে গুজৰি
গুমৰি আহিলে বান
উটুৱাই নিলে গাঁওখন
সুখৰে ঘৰখন
পকলকতে উটি গ’ল
গোহালিৰে গৰুহাল
পলকটি এটিয়ে মোক
কৰিলে কঙাল
কেউফালে…..
নামছাং নামছাং নামছং নৈ
কিয়নো আনিলি মৰণৰে বান
নামছাং নামছাং নামছাং নৈ
কিয়নো আনিলি মৰণৰে বোন
খেতি দৰা ওভতাই দে
ভৰালৰো ধান
ইয়াৰে সমীধান
কেউফালে…..
বান্ধ ভাঙি খেদি আহে
ভদিয়া ধল
জিৰাবৰো নাইযে
অকণি থল
বানে বানে উটি যায় বুবাহুৰে বল
মৰি মৰি বাছো আমাৰো যে কপাল
কেউফালে…….।◼