কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুৱাস
কাৰ তিতা-মিঠা এশাৰী মাত়
জীয়াই থাকিবলৈ লাগে আমাক
হুমুনিয়াহ চেঁচা চেঁচা এই দুখৰে কাহ
কামিহাড় ভাঙি যোৱা বতাহ
লাগে জানো আমাক
বুজি চাগে পোৱা তুমি
বুজি পাওঁচোন আমি।
ঠুনুকা এই জীৱনতে
এমুঠি হাঁহি পাবলৈ যে টান
থকা হাঁহিকণ নোহোৱা হ’লেই
সকলোখিনি হ’ব অৱসান
নিদ্ৰাৰ পৰা সাৰে পোৱা
উঠা জাগা চোৱা পৰভাত
হিদয়ৰ পৰা দিয়া মাত
বুজি চাগে পোৱা তুমি…
সপোনৰে ৰং দুচকুতে লৈ
কত যে শত শিশু আছে আশা লৈ
নতুন আহিব জোৱাৰ আনিব
শান্ত সুন্দৰ ফুলনি হৈ.
নিদ্ৰা পৰা সাৰ পোৱায়…।