কঁকাল খামুচীয়া গাল গুলপীয়া
তুমি কোন সৰগৰ পৰী
কজলা চকুৰে পদুমী খোজেৰে
নিলাহি মন মোৰ হৰি
গাঁৱৰে জীয়াৰী থাকিবা আঁতৰি
চুলে মাৰিব বিজুলী
ধাননী পথাৰৰ সোণোৱালী শইচত
জিলিকে আমাৰে আশা
ঘৰে ঘৰে বন্তি জ্বলিলেই গধূলি
শেৱালি সৰিলেই পুৱা
চহৰৰ ডেকা ল’ৰা হেনো মিছলীয়া
নুবুজে মনৰে ভাষা
আমি গাঁৱলীয়া সৰল আলসুৱা
মুশুনো চলাহী কথা
ভুল কৰিবা যদিহে বুজি মোক নুবুজা
আকলুৱী মনৰে ভাষা
ভুল কৰিছা যদিহে দেখি মোক নেদেখা
মুবুজা কলিজাৰ বেথা
নৈ পাৰে পাৰে উৰে আমাৰ মন
হেঁপাহৰ ৰঙীন পখিলা
জোনাক নামিলেই সোণাৰু ফুলিলেই
সপোনে কৰে ৰাসলীলা
কঁহুৱাৰ মলয়াই নিতে আহি চুই যায়
পদূলিত উৰুৱাই ধূলি
কপৌ পাৰৰ মাত চোতাল শুৱনি
শালিকীৰো গুণগুণনি
তুমি আহ্য়া নৈৰে ঘটালে গধূলি
সকলো ক’ম মই খুলি
তুমি জানিবা দেখিবা বুজিবা সকলো
নেভাবিবা মিছলীয়া বুলি।