এই মায়াৰ ধৰাত
দুদিন মাথোঁ থাকিবা তুমি
জীৱন গ’লেই গ’ল
নিবলে’ একোকে নেপাবা তুমি
লোৱা লোৱা আৰু লোৱা
খোৱা খোৱা আৰু খোৱা একো নাই
মাৰা মাৰা আৰু মাৰা
চেপি চেপি তেজ খোৱা, শূন্য় হায়
আমাৰো যি প্ৰাণ
তোমাৰো সেই প্ৰাণ
শিলেৰে খোদিত সময়
মৰণ নামৰ নদী
তোমাৰো বাবে বয়
জোৱাৰত সকলো সমান
যিমানেই নেবান্ধা বান্ধোন
সিমানেই জুৰিৰ কান্দোন
নিজৰে শিৰতে কালপুৰুষ
তোমাৰো যি সপোন
আমাৰো সপোন
সপোনেপে চিলোৱা উদৰ
দুখন হাতৰ মুঠিত
একে সমান মাটি
সাজিবলে’ এৰেই কবৰ।
উফালে-সিফালে
ওখ-চাপৰ তল-ওপৰ
ওখ-চাপৰ চিঞৰ-বাখৰ
অৰ্থ যে একো নাই, ই ধুৰূপ।