দোতৰা কিদৰে নিৰ্মাণ কৰা হয় ?

উত্তৰঃ দোতৰা নিৰ্মাণ কৰিবলৈ প্ৰায় এক মিটাৰ দীঘল কাঠৰ নিম্নভাগটো বাটিৰ দৰে ফোপোলা কৰি লোৱা হয়। ফোপোলা অংশটো চামৰাৰে ছাৱনি কৰি কাঠ বা জন্তুৰ শিঙৰ এটা ঘোৰা লগোৱা হয়। এই ঘোৰাই তাঁৰ কেইডালক ছাৱনিত নলগাকৈ ৰাখে।

লাউ টোকাৰী কিদৰে নিৰ্মাণ কৰা হয় ?

উত্তৰঃ লাউ টোকাৰী নিৰ্মাণ কৰিবলৈ লাউৰ খোলা এটাৰ তলৰ ফালে ঘূৰণীয়াকৈ চামৰা লগাই এটুকুৰা বাঁহ এটা মূৰে গাঁঠি ৰাখি আনফালে দুফাল কৰি ফলামূৰটোৰ বাহু দুটাক লাউখোলাটোৰ দুয়োফালে বান্ধি দিয়া হয় ।