ৰামৰ বনবাস
অধ্য়ায় ৫
আৰ্হি প্রশ্নঃ
(ক) দশৰথ কোন বংশৰ ৰজা আছিল ?
উত্তৰঃ দশৰথ ইক্ষাকু বংশৰ ৰজা আছিল।
(খ) দশৰথৰ ৰাজ্যখনৰ নাম কি?
উত্তৰঃ দশৰথৰ ৰাজ্য়খনৰ নাম অযোধ্য়া আছিল।
(গ) ৰামচন্দ্ৰৰ মাতৃৰ নাম কি আছিল ?
উত্তৰঃ ৰামচন্দ্ৰৰ মাতৃৰ নাম কৌশল্যা আছিল।
(ঘ) কৈকেয়ীয়ে দশৰথক খোজা বৰ দুটা কি আছিল ?
উত্তৰঃ কৈকেয়ীয়ে খোজা বৰ দুটা হ’ল:-
1) ৰামৰ চৈধ্য বছৰ বনবাস।
2) ভৰতক অযোধ্যাৰ যুৱৰাজ পাতিব লাগিব।
(ঙ) ‘ৰামৰ বনবাস’ পাঠটিৰ পৰা কি শিকিলা চমুকৈ লিখা ।
উত্তৰঃ ৰামৰ বনবাস পাঠটিৰ পৰা এইটো শিক্ষা পালো যে সদায় পিতৃ বাক্য পালন কৰিব লাগে।
Question Answer By Bikash Bora