পাঠ ২০
লাচিত বৰফুকন
১। উত্তৰ লিখা
ক) ৰামসিংহ কৰ ৰজা আছিল ?
উত্তৰঃ ৰামসিংহ অম্বৰৰ ৰজা আছিল।
খ) লাচিত বৰফুকনৰ পিতৃ কোন আছিল ?
উত্তৰঃ লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলি বৰুৱা আছিল।
গ ) জয়ধ্বজ সিংহই মােগলক প্রতিৰােধ কৰিবলৈ কাৰ লগত চুক্তিবদ্ধ হৈছিল ?
উত্তৰঃ জয়ধ্বজ সিংহই মোগলক প্ৰতিৰোধ কৰিবলৈ কুছবিহাৰ আৰু জয়ন্তীয়াৰ শাসকৰ লগত চুক্তি বদ্ধ হৈছিল।
ঘ ) দাক্ষিণাত্যত মােগলক কোনে পৰাস্ত কৰিছিল ?
উত্তৰঃ দক্ষিণাত্য়ত মোগলক শিবাজীয়ে পৰাস্ত কৰিছিল।
ঙ) আঔৰঙ্গজেৱে ৰামসিংহক কিয় অসমলৈ পঠিয়াইছিল ?
উত্তৰঃ আঔঙ্গজেৱে ৰামসিংহক অসম অধিকাৰ কৰিবলৈ অসমলৈ পঠাইছিল।
চ ) বৰফুকনে সৈন্যসকলক কিদৰে শাস্তি বিহিব বুলি জনাইছিল ?
উত্তৰঃ বৰফুকনে সৈন্য়সকলক যিদৰে কৰ্তব্য়ত হেলা কৰিব তেওঁৰে মূৰ ছেদন কৰি শাস্তি বিহিব বুলি কৈছিল।
ছ ) পাঠত উল্লেখিত ৰাজপুত ৰজাজন কোন ?
উত্তৰঃ পাঠত উল্লেখিত ৰাজপুত ৰজাজন অম্বৰ ৰজা ৰামসিংহ।
জ ) ৰাজপুত ৰজাই কি দেখি তবধ মানিলে ?
উত্তৰঃ ৰাজপুত ৰজাই অসমীয়া দূৰ্ভেদ্য় দুৰ্গ, সাহসিকতা, শৃংখলতা আৰু সংগঠন শক্তি দেখি তবধ মানিলে।
ঝ ) জয়ধ্বজ সিংহৰ কেতিয়া মৃত্যু হয় ?
উত্তৰঃ ১৯৬৩ খ্ৰীষ্টাব্দৰ নবেম্বৰ মাহত জয়ধ্বজ সিংহৰ মৃত্য়ু হৈছিল।
২। ক ) লাচিত বৰফুকনৰ জীৱনৰ ভাগ চাৰিটা কি কি ?
উত্তৰঃ লাচিত বৰফুকনৰ জীৱনৰ ভাগ চাৰিটা এনেধৰণৰ প্ৰথম নিম্ন পদস্তৰ সামৰিক বিষয়া, দুলায়া বৰুৱা, হিমলুগুৰিয়া ফুকন আৰু দোলা কাষৰীয়া বৰুৱা। দ্বিতীয়- আহোম বাহিনীৰ সেনা অধিনায়ক পদৰ অধিষ্ঠত আৰু তেওঁৰ গুৱাহাটী আৰু নামনিৰ অসমৰ মোগলক অপসাৰন কাৰ্য ১৯৬৭ খ্ৰীষ্টাব্দৰ নবেম্বৰত। অসমৰ সীমা মানহলৈকে বঢ়োৱা। তৃতীয়- মুগলৰ পুনৰ অসম আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ সতকৰ্তা যো-যা। চতুৰ্থ অম্বৰৰ ৰজা ৰামসিংহৰ নেতৃত্বত অহা মোগল সেনাৰ সৈতে যুদ্ধ আৰু যুদ্ধত জয়লাভ।
খ ) লাচিত বৰফুকনৰ কোনবােৰ দৃষ্টান্তই অসমীয়া সৈনিকৰ অন্তৰলৈ সাহ আৰু দৃঢ়তা আনে ?
উত্তৰঃ লাচিত বৰফুকনৰ সাহসিকতা শৃঙ্খলা, সংগঠন শক্তি, অস্থুৰ শৰীৰ লৈ যুদ্ধ ক্ষেত্ৰত প্ৰবেশ আদি দৃষ্টান্তই অসমীয়া সৈনিকৰ অন্তৰলৈ মান আৰু দৃঢ়তা আনে।
৩ বাক্য ৰচনা কৰা :
কৰ কাটলঃ স্বৰ্গদেব জয়ধ্বজ সিংহই মুগলৰ লগত যুদ্ধত হাৰি সন্ধি কৰি কৰ- কাটল দিবলৈ গাত লৈছিল।
চেগা-চোৰোকাঃ চেগা-চোৰোকা কৈ কৰা যুদ্ধত লাচিত বৰফুকনৰ জয় হৈছিল।
সৈন্য়- সামন্তঃ লাচিত বৰফুকনৰ তুলনাত ৰাম সিংহ সৈন্য়-সামন্ত বহুত বেছি আছিল।
আশে-পাশেঃ শৰাইঘাটৰ আশে-পাশে লাচিত বৰফুকনে গড় বান্ধিছিল।
যো-জাঃ চক্ৰধ্বজ সিংহ সিংহাসনত বহিয়েই গুৱাহাটী মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ যুদ্ধত যো- জা কৰিছিল।
আহোপুৰুষাৰ্থঃ লাচিত বৰফুকনে আহোপুৰুষাৰ্থ কৰি গুৱাহাটী উদ্ধাৰ কৰিছিল।
একাগ্ৰতাঃ একাগ্ৰতা থাকিলে সকলো কামতে সফল হব পাৰি।
৪) বিপৰীত অর্থবােধক শব্দ লিখা :
সন্ধি , মুকলি , প্রশংসা , শ্রেষ্ঠ , সন্মতি , শাস্তি , কৃতকাৰ্য্য , উদ্যম , বিহ , পৰাধীনতা , ইহলােক , নাটনি , নামনি , শত্রু , জ্ঞানী ।
সন্ধি – যুদ্ধ।
মুকলি – বন্ধন।
প্ৰশংসা – নিন্দা।
শ্ৰেষ্ঠ – নিকৃষ্ট।
সন্মতি – অসন্মতি
শাস্তি – পুৰস্কাৰ।
কৃতকাৰ্য্য়- অকৃতকাৰ্য্য়।
উদ্য়ম – উদ্য়ম হীন।
বিহ – অমৃত
পৰাধীন – স্বাধীন।
ইহলোক – পৰলোক।
নাটনি – উভৈনদী।
নামনি – উজনী।
শত্ৰু – মিত্ৰ
জ্ঞানী – অজ্ঞানী।
৫) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাক ) বিদেশীৰ তলত থকাতকৈ মৃত্যুয়েই শ্রেয় ।
উত্তৰঃ
প্ৰসংগঃ এই কথাষাৰ আমাৰ পাঠ্য়পুথিৰ সূৰ্য্য়কুমাৰ ভূঞাদেৱে ৰচনা কৰা “লাচিত বৰফুকন” নামৰ পাঠতিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ ইয়াত লেখকে আহোম স্বৰ্গদেও চক্ৰধ্বজ সিংহই মোগলৰ অধীন হৈ থকা সময়ত মনৰ দুখৰ কথা উল্লেখ কৰিছে।
ব্য়াখ্য়াঃ চক্ৰধ্বজ সিংহৰ আগৰজনা স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতে মিৰজুমলা নাবাবে সোগল সম্ৰাট হৈ অসম আক্ৰমণ কৰিছিল। সেই যুদ্ধত আহোমৰ সৈন্য় পৰাস্ত হোৱাত স্বৰ্গদেৱে যুদ্ধ কৰি বছৰি কৰ- কাটল দিবলৈ চুক্তি কৰিছিল। তাৰ কিছুদিনৰ পিছতে স্বৰ্গদেবৰ মৃত্য়ুহোৱাত চক্ৰধ্বজ সিহই সিংহাসনত উঠিছিল।কৰ কাটল দিয়াত কিছু পলম হোৱাত মোগলৰ কৰ্মচাৰীয়ে স্বৰ্গদেব চক্ৰধ্বজ সিংহক বৰ বৰ কথা শুনাইছিল। সেই কথা শুনি তেওঁ মনত বৰ দুখ পাইছিল আৰু তেতিয়া খেদ কৰি কৈছিল যে বিদেশীৰ অধীন হৈ থকাতকৈ মৃত্য়ুয়েই শ্ৰেষ্ঠ। কাৰণ তেতিয়া অইনৰ বৰ বৰ কথা শুনিব নালাগিব। স্বধীনচেতীয়া ৰজাই ইয়াৰ পাছত সৈন্য় সামন্ত গোটাই প্ৰশিক্ষন দি মোগলক সমুচিত প্ৰতুত্ত্য়ৰ দিছিল।
খ ) এতিয়াহে মই এগৰাহ সুখেৰে ভাত খাওঁ ।
উত্তৰঃ
প্ৰসংগ- এই কথাষাৰ আমাৰ পাঠ্য়পুথি সূৰ্য্য়কুমাৰ ভূঞাদেৱে ৰচনা কৰা “লাচিত বৰফুকন” নামৰ পাঠতিৰ পৰা তুলি দিয়া হৈছি।
সংগতি- ইয়াত লেখকে লাচিত বৰফুকনে মোগলক যুদ্ধত পৰাস্ত কৰা কথাটো শুনাৰ পিছত স্বৰ্গদেৱৰ মনৰ কথা প্ৰকাশ কৰিছে।
ব্য়াখ্য়া- চক্ৰধ্বজ সিংহই যেতিয়া সিংহাসনত বহি মোগলৰ টান কথা শুনিবলৈ পোৱাত মোগলক আক্ৰমণ কৰিবলৈ যো-জা কৰিছিল। ৰজাই নিজেই সকলো যুঁজাৰুক শিক্ষা দি যুদ্ধৰ বাবে প্ৰস্তুত কৰি উলিয়াইছিল। লাচিতক আহোম সেনাধিনায়কৰ পদত নিযুক্তি কৰি গুৱাহাটী মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ পঠাইছিল। গুৱাহাটীলৈ যোৱাৰ আগতে প্ৰত্য়কজন সেনানায়কক ৰজাই নিজৰ কৰ্তব্য় সম্পৰ্কে সোঁৱৰাই দিছিল। লাচিত বৰফুকনৰ নেতৃতত গুৱাহাটীৰ আশে-পাশে কেবাখনো যুদ্ধ কৰি লাচিত বৰফুকনে মোগলক পৰাজয় কৰি গুৱাহাটীৰ পৰা্ খেদি পঠালে। এই বাতৰি পাই মনৰ আনন্দত স্বৰ্গদেব সিংহই এনেদৰে কৈছিল যে তেতিয়াহে তেওঁ এগৰাহ ভাত খাব পাৰিছিল। পৰাধীন হৈ থকা সময়ত স্বাধীনচেতিয়া স্বৰ্গদেৱে মনৰ দুখত কাল কটাইছিল।
গ ) “ হে মােৰ দেশবাসী , তােমালােকে যদি এই সােণৰ কাঁহীত বিহ ঢালিব খুজিছা তেনেহ’লে পলােৱা ।
উত্তৰঃ
প্ৰসংগ- এই কথাষাৰ আমাৰ পাঠ্য়পুথি সূৰ্য্য়কুমাৰ ভূঞা দেৱে ৰচনা কৰা ” লাচিত বৰফুকন” নামৰ পাঠতিৰ পৰা তুলি দিয়া হৈছে।
সংগতি- লাচিত বৰফুকনৰ নৰিয়া খবৰ পাই আহোম সেনা নিৰাশ হৈ পলাব খোজাত দেখপৰেমী নৰ হাজৰীকাই সৈন্য় সকলক উদ্দেশ্য় কৰি এই কথাখিনি কইছিল।
ব্য়াখ্য়া- স্বৰ্গদেব চক্ৰধ্বজ সিংহৰ আদেশ শিৰোধাৰ্য্য় কৰি লাচিত বৰফুকন সৈন্য় সামন্ত লৈ গুৱাহাটীলৈ আহিছিল আৰু দিনে নিশাই আক্লান্ত পৰিশ্ৰম কৰি দেশক যথেষ্ট কষ্ট দিছিল। ফলত ৰামহিংহই বাৰে বাৰে বিভিন্ন সুৰুভঙাইদি গুৱাহাটী লবলৱৈ যত্ন কৰি থাকোতেই বৰফুকনৰ শৰীৰ অসুস্থ হৈ পৰিল। এই খবৰ পাই আহোম সৈন্য়ৰ মাজত প্ৰচাৰ হোৱাত তেওঁলোক নিৰাশ হৈ পৰিল আৰু পলাবলৈ যো-জা কৰিলে। তেতিয়া নৰ হাজৰিকাৰ নামৰ এজন স্বাধীনচেতিয়া বিষয়াই অশ্বকান্তত পলাব খোজা সৈন্য় সকলৰ আগত চিঞৰি চিঞৰি এই কথাখিনি কৈছিল। সোণৰ অসমখন যদি সৈন্য় সকলে বিষেৰে পৰিপূৰ্ণ কৰিব খোজে তেনেহলে যুদ্ধক্ষেত্ৰ এৰি পলাই যাবলৈ কৈছিল। আনফালে অসুস্থ শৰীৰেৰে লাচিত বৰফুকনে নাৱৰে শুক্লেশ্বৰ পাহাৰৰ খটখটিলৈকে আহি নাও যুদ্ধক্ষেত্ৰ প্ৰৱেশ কৰি মনৰ ইচ্ছা প্ৰকাশ কৰাত পুনৰ সৈন্য়সকলে পুনৰ দুগুনসাহসেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল। এনেকুৱা কিছুমান বাণীৰে দ্বাৰা সৈন্য় সামন্ত উদ্য়োগী হৈ উৎসাহেৰে যুদ্ধ কৰাৰ বাবে অলপীয়া সৈন্য়ৰে মোগলৰ বিশাল বাহিনীক পৰাস্ত কৰিব পাৰিছিল।
ঘ ) অসমীয়া নেতৃত্বই জাতিৰ একতা আৰু দৃঢ়তা প্রমাণ কৰিছে ।
উত্তৰঃ
প্ৰসংগ- উক্ত কথাষাৰী আমাৰ পাঠ্য়পুথি সূৰ্য্য়কুমাৰ ভঙূঞাদেৱে ৰচনা কৰা “লাচিত বৰফুকন” নামৰ পাঠতিৰ পৰা তুলি অনা হৈছে।
সংগতিঃ আহোম সেনা পতি লাচিত বৰফুকনৰ নেতৃত্বত যে অসমৰ স্বাধীনতা পুনৰ উদ্ধাৰ হৈছিল সেই কথা কবলৈ গৈ এইখিনি কথা উল্লেখ কৰিছে।
ব্য়াখ্য়াঃ আহোম সেনাধিনায়ক লাচিত বৰফুকনৰ নেতৃত্বৰ ইমান সুন্দৰ যে কোনো এজন সৈনিকেও নিজৰ কৰ্তব্য় অৱহেলা কৰো বুলি কৈও কৰিব পৰা নাযায়।তেওঁ প্ৰথমতে সৈন্য় সকলক সজাগ কৰি থৈছিল যে কোনোবাই কৰ্তব্য়ত অৱহেলা কৰিলে ৰজা আদেশলে অপেক্ষা নকৰি নিজে মূৰ ছেদন কৰি উপযুক্ত শাস্তি বিহিব। আনফালে পানীৰ যুদ্ধত অসুস্থ শৰীৰেৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহি অসমীয়া সৈন্য়সকলৰ মনত বল আৰু সাহস বৃদ্ধি কৰিছিল। ৰামসিংহইও আনকি লাচিতৰ সাহসিকতা , শৃঙ্খলতা আৰু সংগঠন শক্তি দেখি আচৰিত হৈছিল। উপযুক্ত নেতৃত্বই এটাৰ জাতিৰ একতা আৰু দৃঢ়তা আনি দিব পাৰে । লাচিত বৰফুকনে ইয়াকে প্ৰমাণ কৰিছিল
৬। খালী ঠাই পূৰ কৰা :
ক) ১৬৬৩ খ্রি.ত মিৰজুমলাই অসম এৰি থৈ যায় ।
খ ) ৰজাই নিজে সকলােবােৰ তদাৰক কৰিছিল আৰু কাড়ি – যুঁজাৰুসকলক নিজে শিকাইছিল ।
গ ) তেওঁক কলিয়াবৰৰ পৰা গুৱাহাটী কাষলৈকে বৰফুকন নিযুক্ত কৰিছিল ।
ঘ ) ৰামসিংহৰ ৰ লগত শিখ গুৰুও ধুবুৰীলৈকে গৈছিল |
ঙ ) গুৱাহাটীৰ এলেকাৰ ভিতৰতে লাচিত বৰফুকনে তেওঁৰ কোঠ সাজিলে ইটাখুলি বা । শুক্রেশ্বৰত ।
চ) বুঢ়াগোঁহাইয়ে উত্তৰ পাৰৰ লঠীয়া পৰ্বতত মোগলৰ আগনন সেনা দেখে।
ছ ) ৰণলৈ যােৱাৰ আগতে অসমীয়া সেনাপতি সকলে একেলগ হৈ কামাখ্য়া দেৱীক তুতি কৰিলে ।
জ ) আহােম সেনা এবাৰহে দলিবাৰী গাঁৱৰ কাষৰ আলাবৈৰ মুকলি যুদ্ধত ৰাজপুত সেনাৰ হাততপৰাজিত হল ।
ঝ ) ইটাখুলি আৰু ভৰলুমুখৰ মাজৰ আন্ধৰুবালী দুৰ্গৰ আগত অলপ ঠাই মুকলি আছিল ।
ঞ ) মােগলক বাধা দিয়াৰ উদ্দেশ্যেৰেই তেওঁ কোচবিহাৰ আৰু জয়ন্তীয়াৰ শাসনকর্তাসকলৰ লগত স্থাপন কৰিলে ।
ট ) ৰামসিংহক অসমলৈ পঠোৱা কাৰ্যৰ লগত সম্রাট আওৰঙ্গজেৱ , শিবাজী মহাৰাজ আৰু শিখ গুৰু তোগ বাহাদু জড়িত হৈ আছে ।
৭ | চমু টোকা লিখা :
লাচিত বৰফুকন , চক্ৰধ্বজ সিংহ , সম্রাট আওৰঙ্গজেৱ , কামাখ্যা ।
লাচিত বৰফুকন- লাচিত বৰফুকন আছিলমোমাই তামুলীৰ বৰুৱাৰ পুত্ৰ। শৰাইঘাটৰ ৰণত তেখেত আছিল এজন আহোম সেনাপতি। তেখেতে যুদ্ধত দেখুৱা সাহসিকতা, শৃংঙ্খলতা, সংগঠন শক্তি আদিৰ বাবে মোগলৰ সেনাপতি ৰাজপুত ৰজা ৰামসিংহই লাচিতৰ প্ৰশংসা কৰি গৈছিল। ১৬৭১ চনত লাচিতৰ নেতৃত্বত আহোম সৈন্য়ই প্ৰবল পৰাক্ৰমী মোগল সৈন্য়ক হেৰুৱাই মানাহ নদী পাৰ কৰি খেদি পঠায়।
চক্ৰধ্বজ সিংহ- ১৬৬৩ খ্ৰীষ্টাব্দৰ শেষৰ ফালে জয়ধ্বজ সিংহৰ মৃত্য়ুৰ আৰু চক্ৰধ্বজ সিংহৰ সিংহাসন আৰোহন কৰে। সিংহাসনত উঠিয়েই তেখেতে গুৱাহাটী পুনৰ উদ্ধাৰৰ বাবে সৈন্য় সামন্ত গোটাই শিক্ষাদান আৰু মোমাই তামুলী বৰুৱাৰ পুত্ৰ লাচিত বৰফুকনক যুদ্ধৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে যুদ্ধৰ আয়োজন কৰিলে। ১৬৭১ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ সেনাপতিত্তৰ উদ্ধাৰৰ খবৰ পাই “এতিয়াহে মই সুখেৰে ভাত এগৰাহ খাঁও” বুলি কৈছিল চক্ৰধ্বজ সিংহই।
সম্ৰাট আওৰঙ্গজেৱ – ১৫৫৯ খ্ৰীষ্টাব্দত সম্ৰাট চাহজাহনৰ পুত্ৰ আওৰঙ্গজীৱ দিল্লীৰ সিংহাসন আৰোহন কৰে। সিংহাসনত বহাৰ আগতে তেওঁ তিনিজন ভাতৃক হত্য়া কৰে। সম্ৰাত আওৰঙ্গজেৱ এজন গোড়া মুছলমান আছিল। জীৱনত তেওঁ নিজৰ পিতৃ আৰু ভাতৃক বিশ্বাসঘাটকতা কৰি কেতিয়াও কাকো বিশ্বাস কৰা নাছিল। প্ৰায় পঞ্চাশ বছৰ তেওঁ ৰাজত্ব কৰিছিল। ১৭০৭ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্য়ু হয়।
কামাখ্য়া- গুৱাহাটীৰ নিলাচল পাহাৰৰ ওপৰত কামাখ্য়া মন্দিৰ অৱস্থিত। প্ৰবাদ আছে যে সতীৰ মৃত্য়ুৰ পিছত মহাদেৱে তেওঁৰ শৰীৰতো কান্ধত লৈ ঘূৰি ফূৰিছিল। আৰু শ্ৰী কৃষ্ণই তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ শৰীৰটো খণ্ড খণ্ড কৈ কাটি পেলাইছিল। আৰু তেতিয়া যতেই সতীৰ দেহৰ টুকুৰা পৰিছিল তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিছিল। লীলাচল পাহাৰতো সতীৰ দেহৰ অংগ পৰিছিল বাবে কামাখ্য়া দেৱীৰ মন্দীৰ গঢ়ি উঠে। কামৰূপৰ ৰজা নৰকাসুৰে কামাখ্য়া দেৱীৰ মন্দীৰলৈ যোৱা পথটো একে ৰাতিৰ ভিতৰতে সম্পূৰ্ণকৈ বান্ধি দি কামাখ্য়া দেৱীক বিয়া কৰাব খুজিছিল। বৰ্তমানো মা কামাখ্য়া মন্দিৰ জ্ৰাগত দেৱী বুলি ভক্ত সকলে বিশ্বস কৰে।
৮। পাঠটোত থকা উপসর্গযুক্ত শব্দবােৰ বাছি উলিওৱা ।
উত্তৰঃ পাঠত থকা উপসৰ্গযুক্ত শব্দবোৰ হ’ল অপসাৰণ, প্ৰতিশোধ, নিৰুপন, নিখুত, প্ৰতিৰোধ, বিদেশী, সংগঠন, অধিকাৰ ইত্য়াদি।
৯) বাক্য সাজা :
উচ্চ – মানুহৰ মনৰ চিন্তা-ধাৰা সদায় উচ্চ হৱ লাগে।
উচ্চতৰ – মানুহৰ মনৰ চিন্তাবোৰ উচ্চৰ পৰা উচ্চতৰলৈ গতি কৰিব লাগে।
উচ্চতম – উচ্চতম ন্য়ায়লয়ে কৰা বিচাৰ বোৰ শুদ্ধ বুলি সকলোৱো মানি নলবও পাৰে।
অধিক – মানুহজনে এইবাৰ অধিক শস্য় পাইছে।
অধিকতৰ – সাধিখোৱা খেতিয়কজনে অধিকতৰ শস্য় নিজেই ৰাখি কমখিনি মাটিৰ মালিকক দিয়ে।
অধিকতম – জনসংখ্য়া বাঢ়ি যোৱাৰ লগে লগে খেতিয়কে অধিকতম শস্য় উৎপাদন কৰিবলৈ চেষ্টা কৰিব লাগে।
১০। আহােমৰ দিনত প্রচলিত বিভিন্ন সাজ – পাৰ , অস্ত্র – শস্ত্র , আ – অলংকাৰ , মুদ্রা , খাদ্য আদিৰ ছবি সংগ্রহ কৰা ।
উত্তৰঃ
১১। সন্ধি গঢ়া :
উৎ + হিত = উদ্ধিত ।
উৎ + হত = উদ্ধৃত।
উৎ + হৃত = উদ্ধত।
উৎ + লাস = উল্লাস।
উৎ + লেখ = উল্লেখ।
উৎ + চাৰন = উচ্চাৰণ।
উৎ + ছেদ = উচ্ছেদ।
১২৷ তলত দিয়া শব্দবােৰত কি প্রত্যয় যােগ হৈছে ভাঙি দেখুওৱা :
বিদেশী , বৈজ্ঞানিক , সামৰিক , বহুমুখী , তলতীয়া , অসমীয়া , কর্তব্য , খন্তেকীয়া ।
বিদেশী = বিদেশ + ঈ।
বৈজ্ঞানিক = বিজ্ঞান + ইক।
সামৰিক = সামৰ + ইক।
বহুমুখী = বহুমুখ + ইক।
তলতলীয়া = তলতল + ঈয়া।
অসমীয়া = অসম + ঈয়া।
কৰ্তব্য় = কৰ + তব্য়।
খন্তেকীয়া = খন্তেক + ঈয়া।
গা উঠ – বুঢ়ী মানুজনীৰ বিহু নাছিবলৈ গা উঠিছে।
গা জোকাৰ- মেকুৰী জনীৰ গাত পানী লগাৰ বাবে গা জোকাৰী দিছে।
গা ঘেলা – কাম বন নকৰি যদি ঘৰতে গা ঘেলাই ফূৰিলে একো লাভ নহয়।
গা লগাই ক- মানুহে কিবা কাম কৰিলে গা লগাই কাম কৰিব লাগে।
গা গধূৰ- গা গধূৰ মানুহ বেছি কাম কৰিব নোৱাৰে।
Type By – Kishor Nath
Author by – Rajashree Bora