শংকৰদেৱতকৈ মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্য়া অধিক হোৱাৰ কাৰণ কি বুলি কোৱা হয় ?

উত্তৰঃ শংকৰদেৱে ৰচনা কৰা বৰগীতবোৰ বৰপেটাৰ কমলা গায়ন নামে এজন ভকতে আওৰাবলৈ নিছিল । কিন্তু দুৰ্ভাগ্য়ক্ৰমে তেওঁৰ ঘৰ পোৰাত বৰগীতবোৰো জুইত জাহ যায়। মনত বেজাৰত শংকৰদেৱে আৰু নতুনকৈ বৰগীত ৰচনা নকৰি প্ৰিয় শিষ্য় মাধৱদেৱকে বৰগীত ৰচনা কৰিবলৈ আদেশ দিয়ে। গুৰুবাকেয় শিৰোধাৰ্য কৰি মাধৱদেৱে হেনো নকুৰি এঘাৰটা বৰগীত ৰচনা কৰে। এইবাবেই হেনো শংকৰদেৱতকৈ মাধৱদেৱৰ বৰগীতৰ সংখ্য়া অধিক ।