উওৰ দিয়া ।
(ক) ভতুৱা আৰু খঁকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল ?
উওৰঃ খঁকুৱাই গাঁওবুঢ়া দেউতাৰ চকীখনত বহাৰ বাবে ভতুৱা আৰু খঁকুৱাৰ মাজত খৰিয়াল লাগিছিল।
(খ) ভতুৱাই কোৱা কথাখিনি শুনি খঁকুৱাই কি কৈছিল?ত
উত্তৰঃ ভতুৱাই কোৱা কথাখিনি শুনি খঁকুৱাই কৈছিল যে-ভতুৱাও বৰ লাজমান বুজি পোৱা বিধৰ নহয়। গৰাকীৰ ঘৰতে মাছে-মঙহে উদৰ পূৰাই খোৱাৰ পাছতো বিয়া-সবাহৰ গোন্ধ পালেই চুৱাপাত চেলেকিবলৈ লৰ মাৰে।
(গ) “লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ ঠেকেচা খাওঁতে যাৰ জনম গ’ল, তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰ’বি আজি তোক মই এসেকা দিহে এৰিম।” এই কথাষাৰ কোনে কাক কৈছিল?
উওৰঃ উক্ত কথাষাৰ খঁকুৱাই ভতুৱাক কৈছিল ।
(ঘ) ‘জানে জেঠাই, বৰফৰ দেশতো বোলে কুকুৰ আছে।’
– এই কথাষাৰ কোনে কৈছিল? বৰফৰ দেশত কুকুৰে কি গাড়ী টানে?
উওৰঃ উক্ত কথাষাৰ অকুমণিয়ে তাইৰ জেঠায়েকক কৈছিল । বৰফৰ দেশত কুকুৰে শ্লেজগাড়ী টানে ।
প্ৰশ্নঃ বহলাই লিখা ।
(ক) কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি কি মিল আৰু কি কি অমিল ?
উওৰঃ
কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ মিলসমূহ হ’ল- দুয়োৰে গা মিহি নোমেৰে ঢকা। দুয়োৰে দুপাৰিকৈ চোকা দাঁত আছে। মানুহে খোৱা প্ৰায়বোৰ খাদ্য়কে দুয়ো খায়। কুকুৰ আৰু মেকুৰী উভয়ে বুদ্ধি চোকা। দুয়োৰে ঘ্ৰাণ শক্তিও তীক্ষ্ন। দুয়ো চিকাৰী প্ৰাণী। দুয়ো সহজে পোহ মানে।
কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ অমিলসমূহ হ’ল-
কুকুৰৰ মুখখন দীঘল আৰু জোঙা। মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থোপোকা। মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল, কিন্তু কুকুৰৰ তেনে নহয়।মেকুৰীৰ কাণ দুখন সৰু আৰু থিয়, কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা। কুকুৰৰ নেজডাল কেঁকোৰা আৰু ওপৰৰ ফালে উঠি থকা। মেকুৰীৰ নেজডাল দীঘল। মেকুৰীৰ মুখত দুকোচা দীঘল গোঁফ আছে। কুকুৰৰ নাই। কুকুৰ আৰু মেকুৰী দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ।
(খ) কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি কি উপকাৰ সাধন কৰে ?
উওৰঃ কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে। গছৰ পাত সৰি পৰাৰ শব্দ শুনিও ইহঁতে ভুকিবলৈ ধৰে। আজিকালি চোৰ-ডকাইত ধৰা কাৰ্যত পুলিচেও কুকুৰ ব্য়ৱহাৰ কৰে। মেকুৰীয়ে এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে।
(গ) অকুমণি আৰু জেঠায়েকৰ মাজত হোৱা কথাখিনি পঢ়া আৰু সেইখিনি জুকিয়াই লৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখা ।
উওৰঃ কুকুৰৰ মুখখন দীঘল আৰু জোঙা। মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থোপোকা। মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল, কিন্তু কুকুৰৰ তেনে নহয়।মেকুৰীৰ কাণ দুখন সৰু আৰু থিয়, কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা। কুকুৰৰ নেজডাল কেঁকোৰা আৰু ওপৰৰ ফালে উঠি থকা। মেকুৰীৰ নেজডাল দীঘল। মেকুৰীৰ মুখত দুকোচা দীঘল গোঁফ আছে। কুকুৰৰ নাই। কুকুৰ আৰু মেকুৰী দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগদুয়োৰে গা মিহি নোমেৰে ঢকা। দুয়োৰে দুপাৰিকৈ চোকা দাঁত আছে। মানুহে খোৱা প্ৰায়বোৰ খাদ্য়কে দুয়ো খায়। কুকুৰ আৰু মেকুৰী উভয়ে বুদ্ধি চোকা। দুয়োৰে ঘ্ৰাণ শক্তিও তীক্ষ্ন। দুয়ো চিকাৰী প্ৰাণী। দুয়ো সহজে পোহ মানে। কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে। গছৰ পাত সৰি পৰাৰ শব্দ শুনিও ইহঁতে ভুকিবলৈ ধৰে। আজি- কালি চোৰ-ডকাইত ধৰা কাৰ্যত পুলিচেও কুকুৰ ব্য়ৱহাৰ কৰে। মেকুৰীয়ে এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে।
প্ৰশ্নঃ তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰৰ পৰা জানি লৈ বহীত লিখা ।
উওৰঃ
উদৰ – পেট ।
চুৱাপাত – চৰু – কেৰাহী ।
এসেকা – সেকা দিয়া ।
বিষম – অসমান , কঠোৰ , উগ্ৰ , বেয়া ।
উভয়ে – সকলোকে ।
আকৃতি – থোপোকা ।
তীক্ষ্ন – চোকা ।
চোকা – তীক্ষ্ন , ধাৰ থকা, বৰ পাগৰ্ত, জিভাৰ ধাৰ ।
উম – সামান্য় তাপ, অলপ তপত আৰু গৰম ।
গৃহস্থ – ঘৰৰ গৰাকী ।
যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা।
নিমন্ত্ৰন = ন্ত্ৰ =ন+ত+ৰ- নই তই ন্ত তাত ‘ৰ’ কাৰে ন্ত্ৰ
যুক্তাক্ষৰ গঠন কৰোঁ আহা-
অন্ত্ৰ স্বতন্ত্ৰ আমন্ত্ৰণ নিমন্ত্ৰণ নিয়ন্ত্ৰণ
শব্দত থকা যুক্তাক্ষৰটো ভাঙি দেখুওৱা আৰু সেই যুক্তাক্ষৰটো ব্য়ৱহাৰ কৰি দুটাকৈ শব্দ গঠন কৰা। উদাহৰণ- গৃহস্থস্থ = স + থ স্থল, বাসস্থানগোন্ধ➝ন্ধ – ন + ধ অন্ধ, ৰান্ধনী।
অন্ত্ৰ➝ন্ত্ৰ – ন + ত + ৰ স্বতন্ত্ৰ, নিয়ন্ত্ৰণ।
বুদ্ধি➝দ্ধ – দ + ধ বুদ্ধ, বৃদ্ধ।
বিশ্বাসী➝শ্ব – শ + ব বিশ্ব, বিশ্বাস।
শব্দ➝ব্দ- ব + দ জব্দ, শতাব্দ।
জন্তু➝ন্তু – ন + ত + ও কিন্তু।
তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য় ৰচনা কৰা ।
তৎ হেৰায়ঃ পুলিচটোৱে দৌৰা দেখি ডকাইটটোৱে তৎ হেৰায় দৌৰিছে ।
জঁকি উঠিলঃ ৰীণাই ৰাণীৰ ওপৰত জঁকি উঠিল ।
লেউ – সেউঃ খঁকুৱাই মেউ-মেউকৈ লেউ-সেউ হৈ গিৰীহঁতনীৰ ভৰিৰ মাজত সোমায় ।
চপ্-চপাইঃ ভতুৱাই চপ্-চপাই পানী খায় আছে ।
বাটে-পথেঃ বাটে-পথে বহুত বস্তু দেখা যায় ।
বন্ধু-বান্ধৱীঃ বন্ধু-বান্ধৱী লগত মীলাপ্ৰীতিৰে থাকিব লাগে ।
ডাঙৰ-দীঘলঃ বুঢ়ীমাক খেড়খূতীয়ে শংকৰদেৱক ডাঙৰ-দীঘল কৰিছিল ।
পাঠটোত তোমালোকে অকুমনি নামৰ ল’ৰা এজনৰ বিষয়ে পাইছা। অকুমণি নগৰত বাস কৰে বাবে তেওঁক নগৰীয়া বুলি কৈছে। সেইদৰে আমি তেনেকুৱা অনেক শব্দ পাওঁ। তেনে শব্দ লিখোঁ আহা।
গাঁৱত থাকে যি – গাঁৱলীয়া ।
বনত থাকে যি – বনৰীয়া ।
পোহ মানে যি – পোহনীয়া ।
ঘৰত ৰাখি পোহে যাক – ঘৰচীয়া ।
বেছিকৈ ভাত খায় যি – ভতুৱা ।
পেট যাৰ ডাঙৰ – পেটুলা ।
এলাহ কৰে যি – এলেহুৱা ।
খঁক আছে যাৰ – খঁকুৱা ।
চাৰি ঠেং আছে যাৰ – চাৰিঠেঙিয়া ।
গাঁৱৰ মুখিয়াল জন – গাঁওবুঢ়া ।
প্ৰশ্নঃ তলৰ দফাটো পঢ়া আৰু যতি চিন বহুওৱা।
উওৰঃ খঁকুৱাৰ কথাত তৎ হেৰুৱাই ভতুৱা জঁকি উঠিল । লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ ঠেকেচা খাঁওতে যাৰ জনম গ’ল , তাৰ মুখত এতিয়া বৰ বৰ কথা । ৰ’বি , আজি তোক মই এসেকা দিহে এৰিম ।
উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰি লিখা ।
উওৰঃ
তলৰ শব্দবোৰৰ প্ৰতিশব্দ ( সমাৰ্থক ) লিখা ।
উওৰঃ
ঘৰ – গৃহ , আলয় , বাসস্থান ।
পৃথিৱী – ধৰণী , ধৰা , ধৰিত্ৰী ।
ঘূৰণীয়া – গোল , বৃও , গোলাকৃতি ।
শেষ – সমাপ্ত , অন্ত ।
বিষাদ – দুখ , বেদনা ।
আনন্দ – হৰ্ষ , ফুৰ্তি ।
তলত দিয়া সম্বন্ধবোৰৰ বাবে আমি আৰু কি কি শব্দ ব্য়ৱহাৰ কৰোঁ , কাষৰ খালী ঠাইত লিখা ।
উওৰঃ
(ক) দেউতাৰ ককায়েক➝ বৰদেউতা, বৰতা।
(খ) বৰদেউতাৰ ঘৈণীয়েক➝ বৰমা, ব’ ব’
(গ) দেউতাৰ ভায়েক➝ খুৰা, খুৰাদেউ।
(ঘ) খুৰাৰ ঘৈণীয়েক➝ খুৰী, খুৰীদেউ।
(ঙ) দেউতাৰ বায়েক➝ জেঠাই, জেঠিমা।
(চ) জেঠাই গিৰীয়েক➝ জেঠপেহা, জেঠু।
(ছ) দেউতাৰ ভনীয়েক➝ পেহী, বা।
(জ) পেহীৰ গিৰাীয়েক➝ পেহা, পেহাদেউ।
(ঝ) আইৰ ককায়েক/ ভায়েক➝ মোমাই, মামা।
(ঞ) মোমাইৰ ঘানীয়েক➝ মামী।
(ট) আইৰ ভনীয়েক➝ মাহী।
(ঠ) মাহীৰ গিৰীয়েক➝ মহা, মহাদেউ।
Answered by Bidisha Bora