উত্তৰঃ গমনা নামৰ বাদ্য়বিধ তিনিচটি বাঁহেৰে সজা হয় ।
Month: July 2022
লালুং জনগোষ্ঠীৰ উৰাল টনা গীতৰ এটা কলি কেনেধৰণৰ ?
উত্তৰঃ ” চ’তমহীয়া চতোৱালী ৰজাই ফুৰে হাট ৰজা গ’ল গাওঁ ফুৰিব মাদৈ নাখায় ভাত।”
লালুং জনগোষ্ঠীৰ ডেকা-গাভৰুসকলে কেতিয়া উৰাল টনা গীত গায় ?
উত্তৰঃ বহুদিন ধৰি বৰষুণ নহ’লে লালুং জনগোষ্ঠীৰ ডেকা-গাভৰুসকলে ঘৰে ঘৰে গৈ উৰাল টানে আৰু চক্ৰাকাৰে ঘূৰি ঘূৰি উৰাল টনা গীত গায় ।
তিৱা লালুঙৰ লোকগীতসমূহ কি কি ?
উত্তৰঃ লালি হিলালি গীত, গদা লবৰীয়া গীত, লৰৰ গীত, জুনা গীত, শান্তিচেও গীত আদি ।