ত্রয়ােদশ শতিকাৰপৰা যােড়শ শতিকালৈ অসমত আহােমৰ শাসন
অধ্যায় – ১
১। সম্পূর্ণ বাক্যত উত্তৰ দিয়া :
(ক) আহােমসকলে কোন পথেদি অসমত প্ৰৱেশ কৰিছিল ?
উত্তৰঃ আহোমসকলে অসমৰ উত্তৰ পূব-সীমান্তৰ পাটকাই পৰ্বত পাচৌ গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল।
(খ) কোন কোন দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বােলা হয় ?
উত্তৰঃ বৰ্তমানৰ ম্যানমাৰ, চীন আদি দেশক টাই জাতিৰ বসতিস্থল বোলা হয়।
(গ) ম্যানমাৰৰ কোনখন ঠাইৰপৰা চুকাফাই অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল ?
উত্তৰঃ ম্যানমাৰ মাওলুং নামৰ ঠাইৰ পৰা চুকাফাই অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল।
(ঘ) কিমান খ্রি.ত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহােম ৰাজত্বৰ পাতনি মেলিছিল ?
উত্তৰঃ ১২৫৩ খ্ৰি.ত।
(ঙ) চুকাফাই অসমত ৰাজ্য স্থাপন কৰাৰ সময়ত মৰাণ আৰু বৰাহী ৰাজ্যৰ ৰজা দুজনৰ নাম লিখ ।
উত্তৰঃ মৰাণ সকলৰ ৰজা বড়ৌচা আৰু বৰাহী সকলৰ ৰজা খামুম্থা।
(চ) শাসনকার্যত সহায় কৰিবলৈ চুকাফাই কি কি মন্ত্রী পদবীৰ সৃষ্টি কৰিছিল ?
উত্তৰঃ শাসন কাৰ্যত সহায় কৰিবলৈ বৰগোহাঁই আৰু বুঢ়াগোঁহাই পদবী সৃষ্টি কৰিছিল।
( ছ ) কিমান খ্রি.ৰপৰা কিমান খ্রি.লৈকে প্রথমবাৰৰ বাবে ৰজা নােহােৱাকৈ আহােম ৰাজ্যৰ শাসন চলিছিল ?
উত্তৰঃ ১৩৭৬ পৰা ১৯৮০ খ্ৰি.লৈকে প্ৰথমবাৰৰ বাবে ৰজা নোহোৱাকৈ অসম ৰাজ্য শাসন কৰিছিল।
( জ ) কিমান খ্রি.ত চুডাংফাই ৰাজপাটত আৰােহণ কৰিছিল ?
উত্তৰঃ ১৩৯৭ খ্ৰি.ত চুডাংফাই ৰাজপাতত আৰোহণ কৰিছিল।
( ঝ ) চুহুংমুঙক কিয় দিহিঙীয়া ৰজা নামেৰেও জনা গৈছিল ?
উত্তৰঃ দ্হিম নৈৰ পাৰৰ বকতা নামে ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল বাবে চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰেও জনা গৈছিল।
(ঞ) কোনজন আহােম ৰজাৰ ৰাজত্ব কালত মুছলমানে প্রথমবাৰৰ বাবে অসম আক্ৰমণ কৰে ?
উত্তৰঃ চুহুঙমুঙ নামৰ আহোম ৰজাৰ ৰাজত্ব কালত মুছলমানে প্ৰথম বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল।
২। ৰাজ্য শাসনৰ সুবিধাৰ বাবে চুহুংমুঙে কি কি স্থানীয় শাসনকর্তাৰ পদবী সৃষ্টি কৰিছিল ?
উত্তৰঃ
৩। চুহুংমুঙে সৃষ্টি কৰা কোৱৰ ফৈদকেইটাৰ নাম উল্লেখ কৰাঁ । তেওঁ কিয় এই ফৈদকেইটাৰ সৃষ্টি কৰিছিল ?
উত্তৰঃ
8 । চুকাফাৰ শাসন ব্যৱস্থা সম্পর্কে এটি চমু বিৱৰণ দিয়া ।
উত্তৰঃ
৫। চুকাফাৰ ৰাজত্বকালৰ গুৰুত্ব সম্পর্কে চমুৱাই আলােচনা কৰাঁ ।
উত্তৰঃ
৬।চমু টোকা লিখা :
ক) ত্যাওখামথিঃ
খ) চুডাংফাঃ
৭। চুহুংমুঙৰ ৰাজত্বকালত মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে এটি বিৱৰণ লিখা ।
উত্তৰ