সুখ | Chapter 11 | Class 7 Assamese Chapter 11 Question And Answer Jatiya Bidyalay | Class 7 Assamese Chapter 11 Solution AJB |

সুখ

পাঠ – ১১

১) কবিতাটি মুখস্থ লিখা্ঁ

২) কবিগৰাকীৰ আন কবিতা সংগ্ৰহ কৰি পঢ়াঁ।

৩) উত্তৰ লিখাঁঃ

ক) সুখ বিচাৰোঁতে মানুহে সংসাৰত কি পায় ?

উত্তৰঃ সুখ বিচাৰোঁতে মানুহে সংসাৰত দুখৰ উপৰি দুখ পায়।

খ) কাৰ পাছে পাছে সুখ ফুৰে?

উত্তৰঃ যিয়ে স্বাৰ্থ বলিদান দিব পাৰে তেওঁৰ পাছে পাছে সুখ ফুৰে।

গ) সংসাৰত কেনেকৈ সুখৰ ঠাই হৈ পৰিব ?

উত্তৰঃ পৰৰ কাৰনে খাটিব পাৰিলে সংসাৰত সুখৰ ঠাই হৈ পৰিব।

ঘ) সংসাৰত কেতিয়া দুখ নোহোৱা হয়?

উত্তৰঃ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নোহোৱা হয়।

ঙ) কবিয়ে মানুহৰ সেৱা, মানুহৰ পূজা কিয় কৰিবলৈ কৈছে ?

উত্তৰঃ মানুহক সেৱা, পূজা কৰিলেহে বিপদত ৰক্ষা পাব পাৰি। সেয়েহে কবিয়ে মানুহক সেৱা, পূজা কৰিবলৈ কৈছে।

চ) কবিৰ মতে কিহত পৰম সন্তোষ লভিব পাৰি ?

উত্তৰঃ কবিৰ মতে ত্যাগত পৰম সন্তোষ লভিব পাৰি।

ছ) স্বাৰ্থৰ বাট আৰু নিঃস্বাৰ্থৰ বাট কবিয়ে কেনেকুৱা বুলি কৈছে?

উত্তৰঃ স্বাৰ্থৰ বাটত দুখৰ কাঁইট, খোজে পতি বিন্ধে হুলে, আৰু নিঃস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে বুলি কবিয়ে কৈছে।

৪) কবিতাটিৰ মূলকথাখিনি তোমাৰ নিজৰ কথাৰে লিখাঁ।

উত্তৰঃ কবি আনন্দচন্দ্ৰ আগৰৱালাৰ সুখ নামৰ কবিতাটিৰ মূল কথাখিনি হৈছে- বিশ্বৰ প্ৰতিগৰাকী মানুহে সুখ সুখ বুলি প্ৰায় বলিয়াৰ দৰে হৈ সুখৰ সন্ধান বিচাৰি ফুৰে, কিন্তু তেনেদৰে সুখ বিচাৰি বিচাৰি হাবাথুৰি খাই শেষত তেওঁলোকে সংসাৰত সুখৰ সলনি দুখৰ উপৰি দুখহে পায়। জীৱনৰ তাৎপৰ্য অনুধাৱন কৰা মানুহে জানে যে আনৰ সুখত সুখি হোৱা আৰু আনৰ দুখত দুখি হোৱাজনেহে জীৱনত প্ৰকৃত সুখ লাভ কৰিবলৈ সক্ষম হয়।নিঃস্বাৰ্থ ভাৱে সকলোকে আপোন কৰি লব পৰাজনেহে জীৱনত সুখৰ মুখ দেখিবলৈ সক্ষম হয়। কবিয়ে কৈছিল যে – পৰৰ কাৰনে কান্দিব পাৰিলে কান্দোনতো সুখ পায়। প্ৰকৃত সুখৰ পৃথিৱীখনেই আমাৰ ঘৰ। আমি সকলোৱে বাই-ভনী- এইবুলি অনুভৱ কৰিব পাৰিলে আমাৰ জীৱনটো সুখ ময় হয় পৰিব। আমি নিঃস্বাৰ্থ জীৱন ধাৰন কৰিব লাগে তেতিয়া আৰু আমাৰ জীৱনত কেতিয়াও সুখৰ ওৰ নপৰে।

৫) তুমি আজিলৈকে কৰা কামৰ ভিতৰত কি কি কৰি সন্তোষ লভিছা?

৬) প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা

ক) পৰৰ অভাৱ, পৰৰ দুখত

    হিয়া যদি পমি যায়

পৰক আপোন     কৰিব পৰিলে 

     সংসাৰত দুখ নাই।

উত্তৰঃ প্ৰসংগঃ- উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত আনন্দচন্দ্ৰ আগৰৱালাৰ দ্বাৰা ৰচিত সুখ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ- কবিয়ে আমাক ইয়াকে  অৱগত কৰিছে যে আমি জীৱনত নিজৰ বাদে আনৰ অভাৱ , দুখ – কষ্টৰ কথা নাভাবো ,। যদি আমি আনক আপোন কৰিব পাৰো তেন্তে আমাৰ সংসাৰত দুখ নাথাকিব।

ব্যাখ্যাঃ- মানুহৰ জীৱন সন্তেকীয়া । জীয়াই থকা দিন কেইটাত ভালে থাকি সকলোৰে লগত মিলি থাকিব লাগে কেতিয়াও কাৰো অহিত চিন্তা কৰিব নালাগে। আনৰ সুখত সুখি আৰু আনৰ দুখত দুখি হবলৈ শিকিব লাগে তেতিয়াহে সংসাৰত সুখ লাভ কৰিব পাৰি। পৰৰ অভাৱ, পৰৰ দুখত অন্তৰে যদি কান্দে পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ মুক্ত হৈ সংসাৰ সুখেৰে ভৰি পৰিব।

খ) যথাৰ্থ নিঃস্থাৰ্থ ধৰমী জীৱন

বিশ্বপ্ৰেমে ভৰপূৰ,

বিশ্বৰ সকলো ভাই-ভনী তাৰ,

সুখৰ নপৰে ওৰ।

উত্তৰঃ প্ৰসংগঃ- উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত আনন্দচন্দ্ৰ আগৰৱালাৰ দ্বাৰা ৰচিত সুখ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ- এই কবিতাফাঁকিৰ দ্বাৰা কবিয়ে ইয়াকে বুজাব বিচাৰিছে যে আমি নিঃস্বাৰ্থভাৱে জীৱন কটাব লাগে । আমি সকলোকে ভাই-ভনী  বুলি ভাবিব লাগে। 

ব্যাখ্যাঃ- আমি সদায় ভাল আৰু সৎ হব লাগে। ভাল মানুহে সকলোতে সন্মান পায়। সেয়েহে সদায় নিঃস্বাৰ্থ ভাৱে কাম কৰি আনৰ হিত সাধন কৰিব লাগে। বিশ্বৰ সকলো ভাই-ভনীকে নিজৰ আপোন বুলি ভাবিসকলোৰে লগত মিলি থাকিব লাগে তেতিয়া সংসাৰত কেতিয়াও সুখৰ ওৰ নপৰে।আনক আপোন কৰিব পাৰিলে জীৱনৰ পৰা দুখবোৰ আতৰি সুখেৰে ভৰি পৰিব।

৭)”গাই-গোটা-পেটে-ভঁৰাল”-এই জতুৱা ঠা্ঁচটোৱে কবিতাটো ত কি অৰ্থ প্ৰকাশকৰিছে? পেট শব্দ ব্যৱহাৰ কৰি আন জতুৱা ঠা্ঁচেৰে বাক্য সাজা।

উত্তৰঃ ‘গাই-গোটা-পেটে-ভঁৰাল’- এই জতুৱা ঠাঁচটোৱে কবিতাটোত এইটো অৰ্থ প্ৰকাশ কৰিছে যে – মানুহক অকল নিজৰ কামতেই ব্যস্ত নাথাকি আনৰো উপকাৰ সাধন কৰিব দিছে।

৮) বুজা আৰু লিখা্ঁ

সেন্দূৰ+ঈয়া= সেন্দূৰীয়া।

ধেমালি+ঈয়া= ধেমালীয়া।

তৰ+ঈ= তৰী ।

মানৱ+ঈ= মানৱী।

ধৰম+ঈ = ধৰমী।

সুগন্ধ+ঈ= সুগন্ধী।

৯) উদাহৰণ চাই বাকীকেইটা কৰা্ঁ।

দিনত কণা= দিনকণা।

পৰম যি পিতা= পৰমপিতা।

ভাই আৰু ভনী= ভাই-ভনী।

বিশ্বলৈ প্ৰেম= বিশ্বপ্ৰেম।

যথা যি অৰ্থ= যথাৰ্থ।

নৰ আৰু নাৰী= নৰ-নাৰী।

১০) ভাব বহলাই লিখা্ঁঃ

ক) লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি|

উত্তৰঃ হুলৰ কাম হল বিন্ধা। ই আপোন পৰ নাজানে। হিংসাত্মক লোকসকলে আনক বিন্ধক বুলি অহা-যোৱা কৰা বাটত হুল পুতি থয়। কিন্ত কেতিয়াবা পাহৰাতে সেইফালে যায় আনক বিন্ধিবলৈ থোৱা হুলত পৰি নিজেই বিন্ধ খাই আঘাত প্ৰাপ্ত হয়।অৰ্থাৎ পৰক আঘাত দিবলৈ চিন্তা কৰোতে নিজেই সেই আঘাত পাব লগা হয়। সেয়েহে আনৰ অহিত চিন্তা কৰা অযুগুত। আনক অপকাৰ কৰা কথা চিন্তা কৰিলে নিজৰেই অনিষ্ট হয়। সেয়েহে কেতিয়াও কাৰো অনিষ্ট কৰাৰ কথা চিন্তা কৰিব নালাগে। তাকে বুজাবলৈ কৈছে যে লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি।

খ) আপোন ভালেই জগত ভাল

উত্তৰঃ মানুহৰ আচাৰ-আচৰনৰ বিষয়ে কবলৈ যাওতে উক্ত কথাফাকি কোৱা হৈছে।

আপোন বুলিলে নিজক বুজোৱা হয়। আমি যদি নিজে ভাল হওঁ আনক আমি কেতিয়াও বেয়া নাপাওঁ আৰু আমাকো কোনেও বেয়া কৰিব নোৱাৰে। নিজৰ ওপৰতে সমস্ত পৃথিৱীখন, নিজে যদি সৎ হব পাৰা আনে তুমাক একো হানি কৰিব নোৱাৰে। শুৱলা মিঠা মাতেহে মানুহক আপোন কৰি লব পাৰে। তেতিয়াহে আনৰ অন্তৰত ঠাই লব পাৰি । কাৰন মানুহেই ভগৱান, আনক সুখি কৰি ৰাখিব পাৰিলেহে নিজেও সুখ পায়। আনৰ অপাকাৰ নকৰিলে কোনেও একো কৰিব নোৱাৰে । সেয়েহে কোৱা হয় যে আপোন ভালেই জগত ভাল।

Answer by Himashri kakati