অৰ্জুন ভঞ্জনৰ বাহিৰে মাধদেৱৰ আন নাট কেইখনক ঋুমুৰা বুলি অভিহিত কৰাৰ কাৰণ কি ?

উত্তৰঃ অৰ্জুন ভঞ্জনৰ বাহিৰে মাধৱদেৱৰ আন নাট কেইখনত এটা পূৰ্ণ কাহিনীৰ পৰিবৰ্তে ক্ষুদ্ৰ ঘটনা বা পৰিস্থিতিকহে ৰূপদান কৰা হৈছে। অসমীয়া সাহিত্য়ত মাত্ৰ আঠটা আখৰ যুক্ত ঋুমুৰা নামে চুটি ছন্দ আছে। সেই ঋুমুৰ অনুকৰণতে মাধৱদেৱৰ চুটি ঘটনা বা পৰিস্থিতিযুক্ত নাটকেইখনক ঋুমুৰা বোলা হয়। আনহাতে এই নাটবোৰত নৃত্য়-গীতৰ প্ৰাধান্য় দেখা যায়। মৃত্য়-গীতৰ প্ৰাধান্য় থকা নামৰ একশ্ৰেণীও আছে। তাৰ অনুকৰণতো মাধৱদেৱৰ নাটবোৰৰ নামকৰণ ঋুমুৰা হ’ব পাৰে ।