উদ্ভিদৰ সংবহন কলা কি ?

সংবহন কলা হৈছে উচ্চখাপৰ উদ্ভিদত পোৱা কেইবাপ্ৰকাৰৰ কোষেৰে গঠিত এক জটিল কলা। সংবহন কলাৰ প্ৰাথমিক উপাদান দুটা হৈছে জাইলেম আৰু ফ্ল’ৱেম। এই কলাসমূহে উদ্ভিদৰ অন্তৰ্ভাগত পানী, লৱন আৰু পুষ্টিৰ পৰিবহন কৰে। ইয়াৰ উপৰিও ভাছকুলাৰ কেমবিয়াম আৰু কৰ্ক কেমবিয়াম নামৰ দুবিধ ভাজক কলা সংবহন কলাৰ সৈতে সংলগ্ন হৈ থাকে।