প্ৰশ্নঃ অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল ?
উওৰঃ অৰূপে গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিল । খাই অহাৰ পৰাই অৰূপৰ পেট-চলা আৰম্ভ হৈছিল । সেইকাৰণে অৰূপ কেইবাদিনো স্কুলত অনুপস্থিত আছিল ।
(খ) অৰূপৰ পেট-চলা ৰোগ কিয় হৈছিল ?
উওৰঃ গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ যোৱাৰ বাবে অৰূপৰ পেট-চলা ৰোগ হৈছিল ।
(গ) অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল ?
উওৰঃ অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে ক’লে- অৰূপ, তুমি লিখিতভাৱে জনোৱাৰ বাবে মই ভাল পাইছোঁ । কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে । স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ’লে ছুটী মঞ্জুৰীৰ বাবে আৱেদনহে কৰিব লাগে । আৱেদনক ‘দখাস্ত’ বুলিও কোৱা হয় ।
(ঘ) আৱেদনক আৰু কি বুলি কয় ?
উওৰঃ আৱেদনক আৰু ‘দখাস্ত’ বুলি কয় ।
(ঙ) অৰূপে পঢ়া স্কুলখনৰ নাম কি ?
উওৰঃ অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্য়োতি আদৰ্শ প্ৰাথমিক বিদ্য়ালয় ।
(চ) অৰূপে কি বিচাৰি আৱেদন কৰিছিল ?
উওৰঃ অৰূপে ছুটী মঞ্জুৰী বিচাৰি আৱেদন কৰিছিল ।
প্ৰশ্নঃ শব্দবোৰৰ অৰ্থ লিখোঁ আহা ।
উওৰঃ
ব্য়স্ত – কোনো এটা কামত লাগি থকা
খতি – কাম বন্ধ থকা, চলি নথকা
পেট-চলা – বেছি কৈ শৌচ কৰা ৰোগ
ছুটী – কামৰ পৰা লোৱা সামৰিক অব্য়াহতি
মঞ্জুৰ – অনুমোদন, গ্ৰহণ, মান্তি হোৱা
একান্ত – মনোযোগ দিয়া
শৈলী – ৰীতি, প্ৰণালী
শিৰোনামা – চিঠি ওপৰত লিখা নাম, ঠিকনা
প্ৰশ্নঃ ‘অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল খতি কৰিলা, কিবা অসুখ-বিসুখ হৈছিল নেকি ?’- এই প্ৰশ্নটো কোনে, কেতিয়া, কাক কৰিছিল ?
উওৰঃ বহুতদিনৰ মূৰত অৰূপ স্কুললৈ গৈছিল । তেতিয়া অৰূপক দেখি ৰেহেনা খাতুৰ বাইদেউৱে উক্ত কথাষাৰ কৈছিল ।
প্ৰশ্নঃ স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আৱেদন কৰিব লাগে ?
উওৰঃ স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আৱেদন কৰিব লাগে ।
প্ৰশ্নঃ অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেউৱে শিকোৱা আৱেদনখনৰ মাজত কি কি পাৰ্থক্য় দেখিলা ? কোৱা আৰু লিখা ।
উওৰঃ অৰূপে লিখা পত্ৰখন হ’ল চিঠি । শিক্ষয়িত্ৰী বাইদেউৱে লিখা পত্ৰখন হ’ল আৱেদন । অৰূপে স্কুলখনৰ নাম দিয়া নাছিল । বাইদেউৱে দিছিল ।
প্ৰশ্নঃ পাঠটিত থকা অতীত কাল বুজোৱা ক্ৰিয়া পদবোৰ বিচাৰি উলিয়াই লিখা ।
উওৰঃ পাঠটিত খকা অতীত কাল বুজোৱা ক্ৰিয়া পদবোৰ হৈছে-
কৰিলা, খাইছিল, হৈছিল, গৈছিলোঁ, নাছিলোঁ, জনালোঁ, নোৱাৰিলো
প্ৰশ্নঃ তলৰ বাক্য়বোৰৰ কাষত দুটাকৈ পদ দিয়া আছে । তাৰে এটাহে বাক্য়টোৰ লগত খাপ খায় । খাপ নোখোৱা পদটোত কটা ‘X’ চিন দিয়া । তাৰপাছত খাপ খোৱা পদটোৰে বাক্য়টো পুনৰ লিখা ।
(ক) মই কাইলৈ গুৱাহাটীলৈ যাম / গৈছিলোঁ
উওৰঃ যাম ।
(খ) সৌৱা, চৰাইজাক আকাশত উৰিছে / উৰিছিল
উওৰঃ উৰিছে ।
(গ) যোৱাবেলি আমাৰ ইয়াত বানপানী হ’ব / হৈছিল
উওৰঃ হৈছিল ।
(ঘ) আহা, আমি ঘৰলৈ যাওঁ / গৈছিলোঁ
উওৰঃ যাওঁ ।
(ঙ) মই কিতাপ পঢ়োঁ / পঢ়ে
উওৰঃ পঢ়োঁ ।
(চ) তুমি কি কৰিছে / কৰিছা
উওৰঃ কৰিছা ।
(ছ) তেওঁ ধান দাইছা / দাইছে
উওৰঃ দাইছে ।
(জ) আমি ছবি আঁকিছিলোঁ / আঁকিছিল
উওৰঃ আঁকিছিলোঁ ।
(ঝ) তোমালোকে গীত গাইছিল / গাইছিলা
উওৰঃ গাইছিলা ।
(ঞ) তেওঁলোকে বল খেলিছিল / খেলিছিলা
উওৰঃ খেলিছিল ।
(ট) দেউতা আজি আহি পাম / পাব
উওৰঃ পাব ।
(ঠ) সিহঁতে কাইলৈ চিনেমা চাব / চাম
উওৰঃ চাব ।
(ড) আমি বৰশী বাম / বাব
উওৰঃ বাম ।
প্ৰশ্নঃ তোমালোকে লিখা শুদ্ধ বাক্য়বোৰ কাল অনুসৰি শ্ৰেণী বিভাজন কৰি লিখা ।
অতীত কাল | বৰ্তমান কাল | ভৱিষ্যত কাল |
মণিকা কালি স্কুললৈ আহিছিল | মই কিতাপ পঢ়োঁ। | মই কাইলৈ গুৱাহাটীলৈ যাম। |
প্ৰশ্নঃ তলৰ খালী ঠাইবোৰ ক্ৰিয়াুদেৰে পূৰোৱা ।
(ক) যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিল। আমাৰ লগত ছাৰ- বাইদেউসকলো গৈছিল। বাটত তেখেতসকলে আমাক বৰ ভাল ভাল কথা কৈছিল । মাজে মাজে আমি গান গাইছিলো, স্ফূতি কৰিছিলো আৰু কৌতুক শুনি হাঁহিছিলো ।
(খ) পছোৱা বতাহ বলিছে । সৌৱা পথাৰত এজাক গৰখীয়া ল’ৰাই খেলি আছে । তেওঁলোকৰ কেইজনমানে হাউগুদু খেলিছে । আন কেইজনমানে চিলা উৰাইছে । এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে । আন এজনে আঁহতৰ পাতেৰে টুপী সাজিছে ।
(গ) মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব । তাত তেওঁ কেইদিনমান থাকিব । মাহীদেউৰ বিয়াৰ পাছতহে উভতি আহিব । আহোঁতে মোলৈ লাৰু-পিঠা আনিব ।
প্ৰশ্নঃ শব্দ সাজি বাক্য় ৰচনা কৰা ।
ন
ৰূপ→ অৰূপেঃ অখাদ্য় খোৱাৰ বাবে অৰূপৰ পেটৰ অসুখ হৈছিল ।
সহ্য়→ অসহ্য়ঃ ইমান গৰম মোৰ অসহ্য় লাগি গৈছে ।
খাদ্য়→ অখাদ্য়ঃ অখাদ্য় বস্তু খাব নালাগে ।
সুখ→ দুখঃ ৰীণাই পৰীক্ষাত কম নম্বৰ পোৱা বাবে তাইৰ দুখ লাগিছে ।
মিল→অমিলঃ ৰীণা আৰু গীতাৰ মাজত বহুত অমিল আছে ।
অনু
গ্ৰহ→অনুগ্ৰহঃ অনুগ্ৰহ কৰি বিদ্য়ালয়ত উপস্থিত থাকিব নোৱৰা দিনকেইটাৰ ছুটী মঞ্জুৰ কৰে যেন ।
উপস্থিত→অনুপস্থিতঃ অৰূপৰ পেট-চলা কাৰণে স্কুলত অনুপস্থিত আছিল ।
ৰূপ→অনুৰূপঃ ঘৰ-চৰ এটা অনুৰূপ শব্দ।
মান→অনুমানঃ এই খেলখনত কি হৈছে একো অনুমান কৰিব পৰা নাই ।
উচিত→অনুচিতঃ ক’ৰুণা ভাইৰাচৰ সময়ত বাহিৰত ঘূৰি ফুৰা অনুচিত ।
প্ৰশ্নঃ সমূহীয়া ভোজভাত খালে তলত দিয়া কোনবোৰ কাৰণত আমাৰ পেটৰ অসুখ হ’ব পাৰে ?
উওৰঃ
– সোৱাদ পাই সৰহকৈ খালে
– আঞ্জাত বেছি জ্বলা-মছলা হ’লে
– অসময়ত খোৱাৰ বাবে
*দলত আলোচনা কৰি লিখা ।
(ক) বিশুদ্ধ খোৱা পানীৰ ব্য়ৱস্থা কৰিবলৈ অনুৰোধ জনাই প্ৰধান শিক্ষক মহোদয়লৈ আৱেদন পত্ৰ-
উওৰঃ
ক খ গ বিদ্য়ালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু।
বিষয়ঃ বিশুদ্ধ খোৱা পানীৰ ব্য়ৱস্থা কৰাৰ বাবে আৱেদন। তাং- ……….
মহাশয়,
বিনীত নিৱেদন এই যে, আমাৰ বিদ্য়ালয়ত বিশুদ্ধ খোৱা পানীৰ অভাৱ হৈছে। সেয়েহে দয়ালু মহোদয়ৰ ওচৰত বিনীত নিৱেদন এই যে আমাৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্য়ৱস্থা কৰে যেন।
আপোনাৰ একান্ত বাধ্য় ছাত্ৰ- ছাত্ৰী
ক খ গ