পাঠ-৬
ময়ূৰ পক্ষীৰ জন্ম কাহিনী
(ক) স্ৱৰ্গৰ ৰজাজনৰ নাম কি ?
উত্তৰঃ স্ৱৰ্গৰ ৰজাজনৰ নাম ইন্দ্ৰ ।
(খ) তেঁওৰ ৰাজ -সভাৰ নৰ্তকী চৰাইজনীৰ নাম কি?
উত্তৰঃ তেওঁৰ ৰাজ-সভাৰ নৰ্তকী চৰাইজনীৰ নাম বালিমাহী চৰাই।
(গ) দেৱকন্য়াই মৰ্ত্য়লৈ যাওঁতে লগত কি লৈ গৈছিল?
উত্তৰঃ দেৱকন্য়াই মৰ্ত্য়লৈ যাওঁতে লগত বালিমাহীক লৈ গৈছিল।
(ঘ) দেৱকন্য়াই তাঁত-শালখন কিয় নিছিল?
উত্তৰঃ দেৱকন্য়াই পৃথিৱীৰ সৌন্দৰ্য কাপোৰত বুটা বাছি আনিবৰ বাবে তাঁত শাল লৈ গৈছিল।
👉 ‘ময়ূৰ পক্ষীৰ জন্ম কাহিনী’ পাঠটো সহজ ভাৱে নিজৰ কথাৰে কোৱা।
উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰা।
👉 উত্তৰ লিখা ।
(ক) দেৱকন্য়াই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল?
উত্তৰঃ তেওঁক সৰিয়হ এডৰাই বিমুগ্ধ কৰিছিল।
(খ) তেওঁ প্ৰথম কিছুদিন তাত কেনেদৰে কটাইছিল?
উত্তৰঃ তেওঁ প্ৰথম কিছুদিন তাত বালিমাহীৰ লগত সৰিয়হডৰাৰ মাজে মাজে আৰু নৈ পাৰে পাৰে নাচি নাচি জঁপিয়াই আনন্দ মনে কটাইছিল।
(গ) দেৱকন্য়াই পুনৰ স্ৱৰ্গলৈ ঘূৰি যাবলৈ কিয় মন মেলিছিল?
উত্তৰঃ দেৱকন্য়াৰ লাহে লাহে পৃথিৱীৰ ৰূপ সৌন্দৰ্য আমোৱাবলৈ ধৰিলে। সেয়েহে এদিন বালিমাহীক লগ পায় তেওঁ স্ৱৰ্গলৈ ঘূৰি যাবলৈ মন মেলিছিল।
(ঘ) তেওঁ স্ৱৰ্গলৈ যাব খোজোতে কি হৈছিল?
উত্তৰঃ বালিমাহীৰ সৈতে দেৱকন্য়া মেঘ পাৰ হৈ সিপাৰলৈ যাব নোৱাৰি পুনৰ পৃথিৱীত পৰিলহি।
(ঙ) দেৱকন্য়া স্ৱৰ্গলৈ ঘূৰি যাব নোৱাৰাত দেৱৰাজে জীয়েকক কি কৈছিল?
উত্তৰঃ দেৱকন্য়া স্ৱৰ্গলৈ ঘূৰি যাব নোৱাৰাত দেৱৰাজে জীয়েকক কলে- “তুমি অখাদ্য় বস্তু খায় ভূল কৰিলা। তোমাৰ ফুলাম কাপোৰ সাজেই ময়ূৰ পক্ষীৰ ফুলাম পাখি হৈ জিলিকি থাকক”।
👉 পদুম ফুলৰ চকাত থকা শব্দবোৰ পঢ়া। ভোমোৰাৰ পাখীৰ পৰা অৰ্থ আনি শব্দৰ লগত মিলাই পদুম ফুলৰ পাহিত লিখা।
উত্তৰঃ উদাহৰণ-নৰ্তকী = নাচনী হেঁপাহ = আগ্ৰহ নেৰানেপেৰাকৈ = একেৰাহে
সৌন্দৰ্য = ৰূপ
আমুৱালে = আমনি লাগিল
👉 পেঞ্চিলত থকা যুক্তাক্ষৰবোৰ কেনেদৰে ভাঙিছে চোৱা। এইবোৰ তলত দিয়া ধৰণেৰে পঢ়োঁ আৰু লিখোঁ আহা।
উত্তৰঃ গ + ধ গই ধই গ্ধ ব
+ ধ বই ধই ব্ধ স
+ ত + ৰ সই তই স্ত তাত ৰ- কাৰে স্ত্ৰ ৰ
+ ত + য় ৰই তই ৰ্ত তাত য়- তাৰে ৰ্ত্য় ত
+ ন তই নই ত্ন
👉 কিছুমান শব্দৰ দুটাকৈ ৰূপ থাকে। তলৰ শব্দকেইটাৰ দুয়োটা ৰূপই পাঠটোত ব্য়ৱহাৰ হৈছে।
যেনে- স্ৱৰ্গ – সৰগ মৰ্ত্য় – মৰত
পক্ষী – পখী
👉 তলৰ শব্দবোৰৰো আন এটা ৰূপ পাঠটোত আছে। বিচাৰি উলিয়াই খালী ঠাইত লিখোঁ আহা।
উত্তৰঃ বাৰ্তা – বতৰা যত্ন – যতন বৎসৰ – বছৰ
জন্ম – জনম
পিতৃ – পিতা
নৰ্তকী – নাচনি
👉 যক্তাক্ষৰ গঠন কৰা।
উত্তৰঃ ন + ধ = ন্ধ গ
+ ধ = গ্ধ ম
+ ন = ম্ন ত
+ ন = ত্ন দ
+ ধ = দ্ধ ব
+ ধ = ব্ধ
👉 যুক্তাক্ষৰ ভাঙি লিখা।
উত্তৰঃ মুগ্ধ গ্ধ ➡ গ + ধ ক্ষুব্ধ ব্ধ
➡ ব + ধ বুদ্ধ দ্ধ ➡ দ + ধ ইন্দ্ৰ ন্দ্ৰ➡ ন + দ + ৰ
বস্ত্ৰ স্ত্ৰ
➡ স + ত + ৰ মৰ্ত্য় ৰ্ত্য়
➡ ৰ + ত + য়
Question Answer Type By – Bhaskar